বন কৰ্মীৰ গুলীত নিহত আৰ্বি দৈমাৰীৰ ন্যায়ৰ দাবীত ৮ সংগঠনৰ প্ৰতিবাদ…

বকোৰ বন্দাপাৰাত বনকৰ্মীৰ গুলীত নিহত হোৱাৰ শিশুৰ ন্যায়ৰ দাবীত অব্যাহত আছে প্ৰতিবাদ।

আৰ্বি দৈমাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি মঙলবাৰে বকোৰ বন্দাপাৰাত ৮টাকৈ সংগঠনে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

দক্ষিন কামৰূপ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ৭ টাকৈ দল সংগঠনৰ সহযোগত ৰাজপথলৈ ওলাই আহে ৮ টাকৈ দল সংগঠনৰ নেতৃবৃন্দ।

উল্লেখ্য যে বন কৰ্মীৰ গুলীত কৰুণ মৃত্যুক আকোৱালি লৈছিল দুবছৰীয়া কণমানি আৰ্বি দৈমাৰীয়ে।

আনহাতে গুলীবিদ্ধ হৈ বৰ্তমানেও চিকিসাধীন হৈ আছে আৰ্বি দৈমাৰীৰ মাতৃ মালবিকা দৈমাৰী।

উক্ত ঘটনাৰ উচিত ন্যায় বিচাৰি লগতে গুৰুতৰভাৱে আহত হোৱা শিশুটিৰ মাতৃ মালবিকা দৈমাৰীৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰক দ্বায়িত্ব লবলৈ দাবী জনাই ৮ টাকৈ দল সংগঠনে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে।

হাতে হাতে প্লে’কাৰ্ড লৈ আৰ্বি হত্যাৰ তদন্ত কৰক, বন বিভাগ মূৰ্দাবাদ, শিশু হত্যাকাৰীক শাস্তি দিয়ক, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য হায় হায় আদি বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে বন্দাপাৰা জুনিয়ৰ কলেজৰ পৰা আৰম্ভ কৰি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সমদল কৰি বন্দাপাৰা তিনিআলিলৈ প্ৰতিবাদ সাব্যস্ত কৰে।

Leave a Comment