বনৰীয়া মেঠােনৰ আক্ৰমণত বৃদ্ধাসহ আহত ৪ জন

নিউজ ডেস্ক। পুনৰ জনবসতিপূৰ্ণ এলেকাত মেঠােনৰ তাণ্ডৱ।

এইবাৰ ওদালগুৰিৰ স্বপনগাওঁত মেঠােনৰ আক্ৰমণৰ ঘটনা।

জনবসতিপূৰ্ণ এলেকাত প্ৰৱেশ কৰা মেঠােনৰ আক্ৰমণত গুৰুতৰ ভাবে আহত বৃদ্ধ মহিলাসহ চাৰিজন লোক।‌

ইয়াৰে ভিতৰত খগেন ডেকা আৰু পূৱতি ৰাজবংশী অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

বৰ্তমান দুয়োকে ভৰ্তি কৰোৱা হৈছে ওদালগুৰিৰ অসমামৰিক চিকিৎসালয়ত।

বৰ্তমানেও অঞ্চলটোত মেঠােনৰ বিচৰণক লৈ শংকিত হৈ আছে অঞ্চলবাসী।

ইপিনে, বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈছে যদিও এই পৰ্যন্ত মেঠােনটােক ট্ৰেংকুলাৰাইজ কৰিবলৈ সক্ষম হােৱা নাই।

Leave a Comment