অসমঅসমীয়া

বন্যাৰ্তৰ কাষত কন্ঠশিল্পী দীপলীনা ডেকা, বিতৰণ কৰিলে সাহায্য সামগ্ৰী

নিউজ ডেস্কঃ ৰাজ্যজুৰি এতিয়া বানৰ সংহাৰ। বানে বুৰাইছে ইখনৰ পিছত সিখন গাঁও। বানৰ কবলত পৰি গৃহহাৰা হৈছে হাজাৰ হাজাৰ পৰিয়াল। আশ্ৰয় শিৱিৰত এমুঠি ভাত, এটুকুৰা কাপোৰৰ অপেক্ষাত হাহাকাৰ কৰিবলগীয়া হৈছে লাখ লাখ বন্যাৰ্তই।

ৰাজ্যৰ এনে ভয়াবহ বান পৰিস্থিতিত আৰ্তজনৰ সহায়ৰ বাবে চৰকাৰে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। তাৰ লগতে বন্যাৰ্তৰ সহায়ৰ বাবে ওলাই আহিছে বিভিন্ন জন। নিজৰ সামৰ্থ অনুযায়ী সকলোৱে গৃহহাৰা, ভোকাতুৰজনক কিবা অলপ সহায় কৰিবলৈ চেষ্টা কৰিছে।

image 193

জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকাইও বন্যাৰ্তৰ কাষত থিয় দি নিজৰ সামৰ্থ অনুযায়ী অকণমান সাহায্য প্ৰদান কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। গায়িকাগৰাকীয়ে ৰঙিয়াৰ বালাগাঁও অঞ্চলত বন্ধু-বান্ধৱী সহিতে উপস্থিত হৈ ২০০টা বানাক্ৰান্ত পৰিয়ালক সাহায্য বিতৰণ কৰে।

image 194

অঞ্চলটোত উপস্থিত হৈ দীপলীনা ডেকাই বন্যাৰ্তৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ এই ভয়াবহ পৰিস্থিতিৰ সমভাগী হোৱাৰ লগতে সামৰ্থ অনুযায়ী চাউল, দাইল, গাখীৰ আদি সাহায্য সামগ্ৰী বিতৰণ কৰে।

ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কণ্ঠশিল্পীগৰাকীয়ে কয় যে টিভিত চাই থাকিলেই নহয়, বন্যাৰ্তৰ সহায়ৰ বাবে সামৰ্থজন ওলাই আহিব লাগিব।

গুৱাহাটীৰ কৃ্ত্ৰিম বান প্ৰসংগত মন্তব্য কৰি দীপলীনা ডেকাই কয় যে মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰিবলৈ হ’লে এক বিজ্ঞানসন্মত পৰিকল্পনাৰ দৰকাৰ। অসমৰ বান পৰিস্থিতি প্ৰতিৰোধ কৰিবলৈও সুপৰিকল্পনাৰ প্ৰয়োজন বুলি মন্তব্য কৰে দীপলীনাই।

উল্লেখ্য যে, ৰাজ্যৰ এনে ভয়াবহ বান পৰিস্থিতিৰ সময়ত বন্যাৰ্তৰ সহায়ৰ বাবে কেইবাগৰাকীও বলিউড তাৰকাই সাহায্য আগবঢ়াইছে। সেইদৰে অসমৰো বৰষাৰাণী বিষয়াকে ধৰি কেইবাগৰাকীও শিল্পী তথা কলা-কুশলীয়ে এই মুহূৰ্তত বন্যাৰ্তৰ কাষত থিয় হৈছে।

Related Articles

Back to top button