বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ, বন্দুক-বিস্ফোৰকসহ ৩ চােৰাং চিকাৰীৰ আটক এছএছবিৰ

নিউজ ডেস্ক। বন্দু-বিস্ফােৰক সামগ্ৰীসহ ৩ চােৰাং চিকাৰীক আটক সশস্ত্ৰ সীমা বাহিনী চমুকৈ এছ এছ বিৰ।

গােপন সূত্ৰৰ খবৰৰ ভিত্তিত এছ এছ বিৰ জােৱানসকলে চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ কয়লা ময়লা অঞ্চলৰ পানীয়া বজাৰ অঞ্চলত আটক কৰে চিকাৰীকেইটাক।

p1 5
বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ, বন্দুক-বিস্ফোৰকসহ ৩ চােৰাং চিকাৰীৰ আটক এছএছবিৰ 3

চোৰাংচিকাৰী দলটোৱে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম সংযোজনৰ ভিতৰত চিকাৰ কৰি অহাৰ সময়ত পানীয়া বজাৰ অঞ্চলত এছএছবিৰ ১৫ নম্বৰ বেটেলিয়নৰ কুমাৰশালী শিবিৰৰ জােৱানসকলে কয়লা ময়লা অঞ্চলৰ দুই নম্বৰ থাইগিৰগুৰিৰ তজৰশ বসুমতাৰী, বুধিৰাম বসুমতাৰী আৰু ডিচেম্বৰ মহিলাৰীক গ্ৰেপ্তাৰ কৰে।

vlcsnap 2022 03 04 09h09m42s771
বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ, বন্দুক-বিস্ফোৰকসহ ৩ চােৰাং চিকাৰীৰ আটক এছএছবিৰ 4

সশস্ত্ৰ সীমা বাহিনীৰ চোৰাং চিকাৰী দলটোৰ পৰা হস্তনির্মিত বন্দুক এটা, বন গৰুৰ মাংস এশ কিলোগ্রাম, সজীৱ গুলি আঠটা, বিস্ফোৰক পাউদাৰ ২০ গ্রাম, ধনুৰ কাঁড় দুটা জব্দ কৰে।

পাছত এছএছবিৰ দলে ধৃত তিনি চোৰাংচিকাৰীসহ জব্দ কৰা বন্দুক, বিস্ফোৰকসহ অন্যান্য সামগ্রীসমূহ কয়লা ময়লা বন বিভাগৰ কাৰ্যালয়ত গতাই দিয়ে।

Leave a Comment