বন্যপ্ৰাণীৰ অংগ-প্ৰতংগৰ চোৰাং বেহা, নাহৰফুটুকী-বনৰৌৰ ছালসহ বন বিভাগৰ জালত চাৰিজন…

ৰাজ্যত অব্যাহত আছে বন্যপ্ৰাণীৰ অংগ-প্ৰতংগৰ চোৰাং বেহা।

নগাঁৱত নাহৰফুটুকী-বনৰৌৰ ছালসহ গ্ৰেপ্তাৰ চাৰি চোৰাং চিকাৰী।

নগাঁৱত বন বিভাগে যোৱানিশা অভিযান চলাই বুজন পৰিমাণৰ বন্য জন্তুৰ চাল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বন বিভাগে হোজাই জিলাৰ ডকাৰ নমাটি আৰু নগাঁও জিলাৰ কামপুৰৰ বকলুংগুলিত গোপন সূত্ৰৰ পম খেদি বন্য জন্তুৰ চালৰ সন্ধানত অভিযান চলাইছিল।

অভিযানৰ সময়ত বন বিভাগে নাহৰফুটুকী বাঘৰ দুখন চাল আৰু বনৰৌৰ ১২ কিঃগ্ৰাঃ চাল জব্দ কৰিবলৈ সক্ষম হয়।

বন বিভাগে এই সন্দৰ্ভত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ কৰা লোককেইজন হ’ল আব্দুল ৰহমান, আফাজুদ্দিন, চামেদ আলী আৰু নিজামুদ্দিন।

নগাঁও বন বিভাগে এই সন্দৰ্ভত ১৯/২২ নম্বৰত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা চাৰিজনকে আদালতত হাজিৰ কৰে।

ইয়াৰে আব্দুল ৰহমান ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে তেওঁক চিকিৎসাৰ ব্যৱস্থা কৰা হয়।