
বন্ধুৰ জন্মদিন উদযাপন কৰি ঘৰলৈ ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা, নিহত ৬ ছাত্ৰ! CCTV ত বন্দী ঘটনাৰ দৃশ্য
February 24, 2021নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ কাষত ৰখাই থােৱা টেংকাৰত পাছফালৰ পৰা তীব্ৰ খুন্দা এখন যাত্ৰীবাহী মাৰুতি ছুইফ্ট গাড়ীৰ। ঘটনাত কৰুণভাৱে মৃত্যুক আঁকােৱালি ল’লে ৬ জন যুৱকে।

চাৰিজনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে দুজনে চিকিৎসালয়ত প্ৰাণ ত্যাগ কৰে। মধ্যপ্ৰদেশৰ ইন্দােৰ চহৰত নিশা ২ বজাত সংঘটিত হয় এক শােকাৱহ ঘটনা।
জানিব পৰা মতে, ইন্দােৰ চহৰৰ তালাৱলি চান্দ এলেকাত সংঘটিত হয় এই দুৰ্ঘটনা।
এজন বন্ধুৰ জন্মদিনৰ অনুষ্ঠানত অংশ লৈ ঘৰলৈ ওভতাৰ পথতে মাৰুতি ছুইফ্ট গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰখাই থােৱা টেংকাৰত প্ৰচণ্ড জােৰে খুন্দিয়ায়।
নিহতৰ ভিতৰত চাৰিজন যুৱক ঘৰৰ একমাত্ৰ পুত্ৰ আছিল।
Indore Accident: भीषण सड़क हादसे में 6 की मौत, खड़े टैंकर में जा घुसे कार सवार pic.twitter.com/uI8Tz76JBR
— MP Breaking News (@mpbreakingnews) February 23, 2021
নিহত যুৱককেইজনৰ নাম হ’লঃ চোনু (২২), সুমিত সিং (২০), ঋষি (১৯), চন্দ্ৰভান, সূৰজ , দেৱ (২০)ৰ মৃত্যু হৈছিল। আটাইকেইজন কলেজীয়া ছাত্ৰ আছিল।
চাওক এই ঘটনাৰ CCTV ভিডিঅ’
#Shocking CCTV footage of a car accident in Indore. 6 young boys died when their speedy car rams into a tanker late night. All were friends and were coming from a party. Such a tragedy pic.twitter.com/atrlSNx19M
— Ravish Pal Singh (@ReporterRavish) February 23, 2021
ঘটনাস্থলীৰ ওচৰতে থকা পেট্ৰল পাম্পৰ কৰ্মচাৰীয়ে কয় যে ঘটনাৰ সময়ত প্ৰচণ্ড শব্দ হৈছিল। তাৰ পাছতে ঘটনাস্থলীত ধুলি আৰু ধোঁৱা প্ৰত্যক্ষ কৰা হৈছিল।
লগতে চাওকঃ