অসম

বনভোজ খাবলৈ গৈ সন্তানৰ সৈতে খেলি থাকোতেই নদীত সন্ধানহীন এগৰাকী অভিযন্তা…

বনভোজ খাবলৈ গৈ ধনশিৰিত নিখোজ নুমলীগড় শোধনাগাৰৰ এগৰাকী জ্যেষ্ঠ অভিযন্তা।

গোলাঘাটৰ থুৰামুখৰ ধনশিৰি নৈৰ পাৰত পৰিয়ালৰ সৈতে বনভোজ খাবলৈ গৈ নদীত নামি থকা অৱস্থাতে নিখোজ হয় নুমলীগড় শোধনাগাৰৰ এগৰাকী জ্যেষ্ঠ অভিযন্তা ৰক্তিম বৰুৱা।

জানিব পৰা মতে নুমলীগড় শোধনাগাৰৰ মুখ্য অভিযন্তা (অপাৰেশ্যন) ৰক্তিম বৰুৱাই দেওবাৰে দুপৰীয়া পৰিয়াল সহ আন কেইবাটাও চিনাকিপৰিয়ালৰ সৈতে বনভোজ খাৱলৈ থুৰামুখলৈ গৈছিল।

ধনশিৰি নৈৰ পাৰত বনভোজৰ ৰং ধেমালি কৰি থকাৰ মাজতে দুপৰীয়া প্ৰায় ২ বজাত হঠাৎ ৰক্তিম বৰুৱা ধনশিৰিৰ বুকুত সন্ধানহীন হৈ পৰে।

ঘটনা অনুসৰি ৰক্তিম বৰুৱাই তেওঁৰ দুই পুত্ৰ কন্যাৰ সৈতে বল খেলি থকাৰ মাজতে হঠাৎ বলটো নৈত পৰি যায়। বৰুৱাৰ কনমানি পুত্ৰ আৰু কন্যাই বলটো আনিবলৈ নদীৰ পিনে আগবাঢ়ি যোৱা দেখি বৰুৱাই নিজে দৌৰি গৈ পানীত নামি বলটো আনিবলৈ চেষ্টা কৰে।

এনেদৰে পানীত নমাৰ পাছতে সন্ধানহীন হৈ পৰে অভিযন্তা বৰুৱা।

লগে লগে বনভোজলৈ যোৱা পৰিয়ালকেইটাৰ মাজত হুৱা -দুৱা লাগে আৰু ৰক্তিম বৰুৱাৰ সন্ধান কৰে যদিও তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।

ইপিনে, খৱৰ পোৱাৰ পাছত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ দলে নদীৰ বুকুত অভিযন্তা গৰাকীৰ সন্ধান চলায় যদিও তেওঁৰ সন্ধান লাভ কৰাত ব্যৰ্থ হয়।

তদুপৰি, অভিযান চলাই থকাৰ সময়তে সন্ধিয়া নামি অহাত অভিযান সামৰিবলগীয়া হয়।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button