বনভােজ নিষিদ্ধ! বনভোজ স্থলীসমূহ বন্ধ ৰখাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ

নিউজ ডেস্ক। মহানগৰীৰ পাৰ্শ্বৱৰ্তী কামৰূপ জিলাৰ বিখ্যাত পৰ্যটনস্থলীসমূহ সাময়িকভাৱে বন্ধ ৰখাৰ ঘােষণা কৰিছে জিলা প্ৰশাসনে।

সম্প্ৰতি জিলাখনত ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পাইছে।

ইয়াৰ লগতে ৰাইজৰ মাজত ক’ভিড-১৯ সম্বন্ধীয় নীতি-নিৰ্দেশনা দূৰত্ব বজাই ৰখা, মাস্ক পিন্ধা আদি কঠোৰভাৱে মানি নচলাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰাে সৃষ্টি হৈছে।

People-enjoying-picnic-river-of-Brahmaputra-on-eve-of-New-Year-at-Tezpur-Bhomoraguri-last-day-of-yea

এনে পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ কৈলাশ কাৰ্তিক এনে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ অধীনত জিলাখনৰ বনভোজথলীসমূহ বন্ধ ৰাখিবলৈ এক নিৰ্দেশনা জাৰি কৰিছে।

FJo-Q5-Wt-Vg-AAN3z-E

শুকুৰবাৰ অৰ্থাৎ ২১ জানুৱাৰী ২০২২ৰ পৰা বলৱৎ হোৱা এই নিৰ্দেশনা অনুসৰি জিলাখনৰ উকীয়াম, চানডুবি, ৰাণীখামাৰ, কপিলী, কেদাৰ, দীৰ্ঘেশ্বৰী, কুলশী, বাৰেগাঁও, মগন কামদেৱ, মালাং, শিলডুবিকে ধৰি জিলাখনৰ সকলো বনভোজথলী পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব।

People-enjoying-picnic-during-the-new-year-at-Deepor-Beel-in-Guwahati-on-10-01-2021-Pix-by-UB-Photos

এই নিৰ্দেশনা উলংঘা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ ৫১ৰ পৰা ৬০ দফাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত বিহীত ব্যৱস্থা লোৱা হ’ব।

লগতে চাওকঃ

মৰ্মান্তিক! তীব্ৰবেগী বালি ভৰ্তি ডাম্পাৰৰ খুন্দাত নিহত চাইকেল আৰােহী সপ্তম শ্ৰেণীৰ ছাত্ৰী

G3

কাৰাগাৰৰ কুঠৰীত ‘যন্ত্ৰ আৰু যন্ত্ৰণা’ লিখিব উদ্ধৱ ভৰালীয়ে, ক’লে- মই ষড়যন্ত্ৰৰ বলি হৈছোঁ…

G4

Leave a Comment