বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী! আগন্তুক ৫ দিনলৈ দিব বৰষুণ, অৰেঞ্জ এলাৰ্ট জাৰি…

নিউজ ডেস্কঃ আগন্তুক ৫ দিনলৈ ডাৱৰীয়া হৈয়েই থাকিব অসম তথা উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আকাশ।

বতৰৰ এই আগজাননী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ২৩ মাৰ্চলৈকে অসম তথা অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা আৰু নাগালেণ্ডত অব্যাহত থাকিব বৰষুণ।

এই সময়ছোৱাত ঠায়ে ঠায়ে মধ্যমীয়া বৰষুণৰ হোৱাৰ লগতে শিলাবৃষ্টিৰো সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি ডাৱৰীয়া হৈ আছে অসমৰ আকাশ।

শনিবাৰৰ দিনটোত ৰাজ্যৰ ঠায়ে ঠায়ে সংঘটিত হৈছিল শিলাবৃষ্টি।

দেওবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ নমা পৰিলক্ষিত হয়।

ৰাজ্যৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰ আৰু সোমবাৰৰ বাবে অসমত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।