বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আশ্বিকুল ইছলাম নিহত..! কেনেকৈ..?

বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আশ্বিকুল ইছলাম নিহত।

আৰক্ষীৰ বাহনৰ পৰা জাপ মাৰি পলায়নৰ চেষ্টা কৰোঁতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় আশ্বিকুলৰ।

দেওবাৰে আশ্বিকুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল এছ আই টিৰ দলে।

ধিং আৰক্ষীৰ সহযোগত অভিযান চলাই আশ্বিকুলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

জুৰিয়াৰ সোণাইবাৰীৰ ঘৰত অভিযান চলাই উভতি অহাৰ সময়তে সংঘটিত হয় এই ঘটনা।

দেওবাৰে আশ্বিকুল ইছলামক গ্ৰেপ্তাৰ কৰি দিনজোৰা জেৰা অব্যাহত ৰাখিছিল আৰক্ষীয়ে৷ ইয়াৰ পিছতে নিশা আশ্বিকুলৰ বাসগৃহত অভিযান চলাইছিল আৰক্ষীয়ে৷

এই অভিযানতেই আশ্বিকুলৰ সোনাইবেৰাস্থিত বাসগৃহত আৰক্ষীয়ে দুটাকৈ মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, আৰক্ষীৰ দলে আশ্বিকুলৰ বাসগৃহৰ পৰা এটা পইণ্ট ২২ আৰু এটা 7.65 এম এম পিষ্টল জব্দ কৰাৰ উপৰিও কেইবা জাই সজীৱ গুলীও জব্দ কৰিবলৈ সক্ষম হয়।

পুৱতি নিশাই আশ্বিকুলৰ বাসগৃহৰ পৰা উভতি অহাৰ পথত ৰাইদঙীয়াত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰে। আৰক্ষীৰ বাহনৰ পৰা আশ্বিকুল জঁপিয়াই দিয়াৰ লগে লগে পিছফালে আহি থকা আন এখন বাহনৰ খুন্দাত নিহত হয়।

উল্লেখ্য যে, বটদ্ৰৱা থানাত অগ্নিসংযোগ কৰিবলৈ কেইবাগৰাকীও মহিলাক আশ্বিকুলে উচটনি দিয়াৰ ভিডিঅ’ সংবাদ মাধ্যমত ভাইৰেল হৈছিল।

ইয়াৰ পিছতে আৰক্ষীয়ে মুল অভিযুক্তৰ তালিকাত সন্নিবিষ্ট কৰিছিল আশ্বিকুলৰ নাম।

Leave a Comment