বটদ্ৰৱা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি, উত্তেজিত ৰাইজে জ্বলাই দিয়ে বটদ্ৰৱা থানা…

বটদ্ৰৱা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি।

উত্তেজিত ৰাইজে জ্বলাই দিয়ে বটদ্ৰৱা থানা।

থানাৰ চৌহদত এজন লোকৰ মৃত্যুক লৈ সংঘটিত হৈছে এই ঘটনা।

মৃত লোকজনৰ নাম হৈছে ছফিকুল ইছলাম।

ছফিকুল আছিল মাছৰ ব্যৱসায়ী। পুৱা আটক কৰিছিল আৰক্ষীয়ে ব্যৱসায়ীজনক।

image 43
বটদ্ৰৱা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি, উত্তেজিত ৰাইজে জ্বলাই দিয়ে বটদ্ৰৱা থানা... 7

অভিযোগ অনুসৰি, আটক কৰা ছফিকুলক মুক্তিৰ বাবে আৰক্ষীয়ে তেওঁৰ পত্নীৰ পৰা ১০ হাজাৰ টকা দাবী কৰাৰ লগতে এটা হাঁহ আৰু এটা কুকুৰাও দাবী কৰিছিল।

কিন্তু ছফিকুলৰ পত্নীয়ে ১০ হাজাৰ টকা আৰক্ষীক দিব নোৱাৰাৰ বাবেই থানা চৌহদত ছফিকুলক আৰক্ষীয়ে মৰিয়াই মৰিয়াই হত্যা কৰে বুলি দাবী কৰিছে লোকসকলে। এই ঘটনাৰ পিছতে উত্তেজিত লোকসকলে থানাখন লণ্ডভণ্ড কৰে।

১০ হাজাৰ টকা দিব নোৱাৰাৰ বাবেই আৰক্ষীৰ প্ৰহাৰত মৃত্যু এজনৰ ! বটদ্ৰৱা থানাত আৰক্ষীক প্ৰহাৰ কৰি

উত্তেজিত ৰাইজে থানাত অগ্নিসংযোগ কৰাৰ লগতে ভাঙি লণ্ডভণ্ড কৰিছে থানাৰ সামগ্ৰী।

image 44
বটদ্ৰৱা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি, উত্তেজিত ৰাইজে জ্বলাই দিয়ে বটদ্ৰৱা থানা... 8

প্ৰায় ২ হাজাৰ লোকে থানা ঘেৰাও কৰি উত্তাল পৰিস্থিতি সৃষ্টি কৰাৰ লগতে উত্তেজিত একাংশই থানা চৌহদৰ ভিতৰত প্ৰৱেশ কৰি থানাৰ বিভিন্ন সম্পত্তি ভাঙি নষ্ট কৰাৰ লগতে থানা চৌহদত অগ্নি সংযোগ কৰে।

যি সময়ত উত্তেজিত লোকসকলে ঘৰটোত অগ্নিসংযোগ কৰিছিল সেই সময়ত সেই স্থানত কেইবাখনো মটৰ চাইকেলৰ লগতে চাৰিচকীয়া বাহন আছিল।

Ur6PPTwI?format=jpg&name=small

আনহাতে একাংশ উত্তেজিত লোকে মূল থানাত প্ৰৱেশ কৰি থানাৰ বহু সম্পত্তি ধ্বংস কৰিছে। থানাৰ ভিতৰত প্ৰৱেশ কৰি বিভিন্ন কাগজ-পত্ৰৰ লগতে সকলো ধৰণৰ সামগ্ৰীৰ ওপৰত এফালৰ পৰা চলালে ধ্বংসযজ্ঞ।

image 41
বটদ্ৰৱা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি, উত্তেজিত ৰাইজে জ্বলাই দিয়ে বটদ্ৰৱা থানা... 9

ইফালে থানাখনৰ আৰক্ষীৰ লোকক উত্তেজিত জনতাই প্ৰহাৰ কৰি গুৰুতৰ ভাৱে আহত কৰিছে। থানা লণ্ডভণ্ড কৰা কাৰ্যক যিয়েই বাধা দিবলৈ গৈছে সেই গৰাকী আৰক্ষীকে প্ৰহাৰ কৰিছে উত্তেজিত জনতাই। প্ৰাথমিক খবৰ অনুসৰি উত্তেজিত জনতাৰ প্ৰহাৰত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে দুজন আৰক্ষীৰ লোক।

লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দলে জুই নুমুৱাবলৈ ঘটনাস্থলত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পৰ্যাপ্ত পৰিমাণৰ আৰক্ষীও নিয়োগ কৰা হয়।

image 42
বটদ্ৰৱা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি, উত্তেজিত ৰাইজে জ্বলাই দিয়ে বটদ্ৰৱা থানা... 10

আনহাতে এই সন্দৰ্ভত SP লীনা দলে কয়- ক্ৰিমিনেলছৰ মাজত কোনো পাৰ্থক্য নাথাকে। অপৰাধীৰ পুৰুষ-মহিলাৰ বিভাজন নহয়।কোনো সাৰি নাযায়, আইন হাতত তুলি লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব।

ইতিমধ্যে আৰক্ষী থানাত অগ্নিকাণ্ড সংঘটিত কৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

Leave a Comment