বজাৰ কৰিবলৈ যােৱা আহোম দাসক ’ছাগলী চােৰ’ সজাই নৃশংস হত্যা যুৱকৰ দলৰ

নিউজ ডেস্ক। হত্যা, হিংসা দূৰ হৈ সমাজত শান্তি বিয়পি পৰক। এই প্ৰত্যাশাৰেই এটা নতুন বছৰত ভৰি দিছিল সকলোৱে। কিন্তু নতুন বছৰৰ প্ৰথমটো দিনতেই যেন পুনৰাবৃত্তি ঘটিল যোৰহাটৰ লোমহৰ্ষক কাণ্ডৰ!

ৰাজ্যত পুনৰ এবাৰ গণ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হল এজন লোকে।

এইবাৰ ঘটনাৰ স্থান গোলাঘাট জিলাৰ দেৰগাঁৱৰ মামৰণি গাঁও।

789

গাঁওখনত এজন ব্যক্তিক বান্ধি লৈ এটা পাষণ্ডৰ দলে মৰিয়াই মৰিয়াই হত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে, আহোম দাস ওৰফে সঞ্জয় নামৰ গাওঁখনৰ এজন লোকক ছাগলী চুৰিৰ অভিযোগত গণ আক্ৰমণৰ দ্বাৰা হত্যা কৰে এটা ৬-৭ জনীয়া যুৱকৰ দলে।

ইফালে ঘটনাত নিহত সঞ্জয়ৰ পৰিয়ালৰ অভিযোগ অনুসৰি দিন হাজিৰা কৰি পৰিয়াল চলাই আহিছে সঞ্জয়ে।

নতুন বছৰটোৰ আৰম্ভণিৰ দিনা সন্ধিয়া তেওঁ ঘৰৰ পৰা ওলাই আহিছিল বজাৰ অভিমুখে। তেওঁৰ লগত আছিল প্ৰায় ৫ হাজাৰ টকা।

কিন্তু ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ সময়ত তেওঁৰ জেপত সেই ধন নথকাত টকাৰ বাবেই আহোম দাসক হত্যা কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে।

ইফালে, ঘটনাসন্দৰ্ভত আৰক্ষীয়ে অৰ্ণৱ বৰা আৰু ৰাজীৱ বাকটি নামৰ দুজন লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। লগতে আন অভিযুক্তৰ সন্ধান চলি আছে।

Leave a Comment