বছৰৰ শেষৰখন সংবাদমেল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ, কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা…

বছৰৰ শেষৰখন সংবাদমেল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।

সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ কথা সদৰি কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

সংবাদমেলযোগে ৰাজ্যখনৰ ক’ভিড পৰিস্থিতিৰ লগতে নতুন বছৰত স্বাস্থ্য বিভাগে গ্ৰহণ কৰা পৰিকল্পনাসমূহৰ বিষয়েও সদৰী কৰে।

জনসাধাৰণক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই স্বাস্থ্য বিভাগৰ ক’ভিড যুঁজত অৰিহণা যোগোৱা সাংবাদিক সকলকো ধন্যবাদ জনায় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

সংবাদমেলৰ জৰিয়তে তেখেতে জনাই যে, ৬লাখ ২০ হাজাৰ ৫৭৩ গৰাকী লোক কৰণাত আক্ৰান্ত হৈছিল। ৬ লাখ ১২ হাজাৰ সুস্থ হৈ উঠিছে। আনহাতে ৬১৬৪ গৰাকী লোকে কভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে।

নতুন ভাইৰাছ অমিক্ৰণক লৈ সতৰ্ক ৰাজ্য চৰকাৰ। দ্ৰুত গতিত বৃদ্ধি পাইছে সংক্ৰমণ। তিনিদিনত তিনিগুণ বৃদ্ধি পাইছে সংক্ৰমণৰ ঘটনা। সেয়ে ভেকচিন প্ৰদানত গুৰুত্ব প্ৰদান।

১৫ ৰ পৰা ১৮ বছৰৰ লোকলৈ ৩ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ দিয়া হ’ব ভেকচিন। ১০ ডিচেম্বৰৰ পৰা আৰম্ভ ৬০ বছৰৰ উৰ্দ্ধৰ লোকক তৃতীয়পালি তথা বুষ্টাৰ ড’জ হিচাপে ভেকচিন প্ৰদান কৰা হব।

স্কুলীয়া ছাত্ৰ ছাত্ৰীক ভেকচিন দিয়াটো চৰকাৰৰ প্ৰথম লক্ষ্য বুলি জনাই স্বাস্থ্যমন্ত্ৰীয়ে। ইয়াৰ বাবে প্ৰতিখন জিলাৰ উপায়ুক্তক অৰ্পণ কৰা হ’ব দায়িত্ব। ছাত্ৰী ছাত্ৰীয়ে দুটা ড’জ ভেকচিন লৈহে পৰীক্ষাত বহিবলৈ অনুৰোধ।

এতিয়ালৈ ৰাজ্যত ৩কোটি ৭৫ লাখ লোক দিয়া হৈছে ভেকচিন। ২ কোটি ৭ লাখ লোকে লৈছে প্ৰথম ড’জ প্ৰদান কৰা হব। ১ কোটি ৭ লাখ লোকে লৈছে দ্বিতীয়া ড’জ।

অমিক্ৰণৰ বাবে সম্পূৰ্ণ প্ৰস্তুত ৰাজ্য। ৯ হাজাৰ বিছনা সাজু কৰা হৈছে ইতিমধ্যে। ১হাজাৰ আই চি ইউ বিচনা সাজু।

৬০০ সাধাৰণ কভিড ৰোগীৰ বাবে আৰু ২৬০০ অক্সিজেন বিচনা সাজু। ২৫ হাজাৰ বিচনা অতি সোনকালে সাজু কৰি তোলা হ’ব।

এতিয়া ৮ খন নতুন মেডিকেল কলেজৰ নিৰ্মানৰ কাম চলি আছে। ধুবুৰী মেডিকেল কলেজৰো কাম নতুন বছৰৰ পৰাই আৰম্ভ হ’ব।

মাৰ্চ মাহৰ ভিতৰত ৮ খন নতুন কেন্সাৰ হস্পিতাল ৰাইজলৈ মুকলি কৰা হ’ব।

৪৬০০ উপ স্বাস্থ্য কেন্দ্ৰ ৰ পৰা ২৩৮০ খনক স্বাস্থ্য কেন্দ্ৰলৈ ৰূপান্তৰ কৰা হ’ব ৷ মাৰ্চ মাহত লক্ষ্য ৩৪৭৭ খনৰ।

৩৩৬১ জনক নতুন চিকিৎসক ক নিযুক্তি দিয়া হৈছে। অটল অমৃতৰ জৰিয়তে ৬৫০০০ ৰোগীয়ে ২ লাখ টকা পৰ্যন্ত লাভ কৰিছে।

গুৱাহাটীত আৰু এখন মেডিকেল কলেজ নিৰ্মাণ হ’ব বুলিও জানিবলৈ দিয়ে সংবাদমেলৰ জৰিয়তে।

কালাপাহাৰত নিৰ্মাণ হ’ব নতুন মেডিকেল কলেজ।

MMCH ত নিৰ্মাণ হ’ব ৮ শ বিচনা যুক্ত ছুপাৰস্পেচিয়েলিটি হাস্পতাল। কাইলৈৰ পৰা MMCH ৰ সেৱা বন্ধ হ’ব। ইয়াৰ পৰিৱৰ্তে ধীৰেণপাৰা আৰু পাণ্ডু চিকিৎসালয়ত সেৱা অব্যাহত থাকিব।

আন্তৰাষ্ট্ৰীয় ভ্ৰমণ কৰা লোকে নিগেটিভ হ’লেও ৭ দিনৰ কোৱাৰাইণ্টাইন হ’ব৷ দুবাৰকৈ স্বাস্থ্য কৰ্মীয়ে ঘৰত গৈ পৰীক্ষা কৰিব।

Leave a Comment