বঙালী ব্যৱসায়ীক ধমক দি বিপদত শৃংখল চলিহা, অসমীয়া-বঙালীৰ মাজত বিভেদ সৃষ্টিৰ অভিযোগত এজাহাৰ দাখিল…

শিৱসাগৰত বঙালী ব্যৱসায়ীক ধমক দি বিপদত শৃংখল চলিহা।

শৃংখল চলিহাৰ বিৰুদ্ধে শিলচৰ সদৰ থানাত এজাৰ দাখিল কৰিলে বৰাক ডেমোক্ৰেটিক য়ুথ ফ্ৰন্ট নামৰ এটা বঙালী ছাত্ৰ সংগঠনে।

অসমীয়া আৰু বঙালীৰ মাজত বিভেদ সৃষ্টিৰ চেষ্টা কৰাৰ অভিযোগত শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ।

সংগঠনটোৰ মুখ্য আহ্বায়ক কল্পাৰ্ণৱ গুপ্তই সংবাদ মাধ্যমৰ আগত কয় যে, শৃংখল চলিহাৰ এনে কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। অসমত বসবাস কৰা অসংখ্য বঙালী আৰু অসমীয়াবাসীৰ দীৰ্ঘদিনৰ সু-সম্পৰ্কক নষ্ট কৰি বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যেৰে ইচ্ছাকৃত বাবে এনে কাৰ্য সংঘটিত কৰিছে লাচিত সেনাৰ শৃংখল চলিহাই।

লগতে তেওঁ আৰু কয় যে, লাচিত বৰফুকনৰ দৰে এজন বীৰৰ নাম লৈ লাচিত সেনা নামৰ সংগঠনটোৱে সমাজত বিষবাষ্প বিয়পোৱাইছে।

যাৰবাবে সংগঠনটোৱে শীঘ্ৰেই শৃংখল চলিহাৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণৰ দাবী জনায়।

Leave a Comment