fbpx
অসম

বঙাইগাঁৱত বহিল ৰে’লৰ দলঙৰ খুঁটা, ব্যাহত ৰে’ল যাতায়াত…

বঙাইগাঁৱৰ বাঁওবাৰীত অঘটন।

পাতিলাদহা-বিজনীৰ মাজত বাঁওবাৰীস্থিত ৰে”লৱেৰ 457 নম্বৰ দলঙৰ তিনিটা খুটি বহি যোৱাত আবদ্ধ কেইবাখনো ৰে’লগাড়ী।

উল্লেখ্য যে, বিজনী আৰু পাতিলাদহা ৰে’ল ষ্টেচনৰ মাজত ৪৫৭ নং দলঙৰ কাষতে দ্বৈত ৰেলপথৰ নতুন দলঙৰ কাম চলি আছে। ইয়াৰ বাবে পুৰণি দলংখনৰ কাষতে এক্সকেভেটৰেৰে মাটি খন্দাত পুৰণি দলঙৰ তিনিটা খুঁটাৰ কাষৰ মাটি খহি যায়। ইয়াৰ ফলত খুঁটাকেইটাৰো আংশিক ক্ষতি হয়।

দিনৰ এক মান বজাত এই ঘটনা ঘটে।

সেই সময়ত নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লগাড়ীখন উক্ত দলঙৰ ওপৰেৰে পাৰ হৈ যোৱাৰ সময় হৈছিল।

ঘটনাৰ বিষয়ে খবৰ পাই ৰে’ল কৰ্তৃপক্ষই উক্ত ৰে’লগাড়ীখনকে ধৰি পৰা সকলোবোৰ ৰে’লৰ চলাচল নিয়ন্ত্ৰণ কৰি বিভিন্ন ষ্টেচনত ৰে’লবোৰ ৰখোৱাৰ ব্যৱস্থা কৰে।

নিউ বঙাইগাঁও, বিজনী আৰু পাতিলাদহ ষ্টেচনতো ভালেকেইখন ৰে’ল আবদ্ধ হৈ পৰে।

অৱশ্যে ৰে’ল বিভাগে যুদ্ধকালিন তৎপৰতাৰে কাম কৰি ৰে’ল যাতায়াত সম্ভৱ কৰি তোলে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!