বঙাইগাঁও শোধনাগাৰৰ নাম বড়োলেণ্ড শোধনাগাৰ কৰাৰ দাবী এবছুৰ…

বঙাইগাঁও শোধনাগাৰৰ নাম সলনিৰ দাবী উত্থাপন এবছুৰ।

বঙাইগাঁও শোধনাগাৰৰ নাম বড়োলেণ্ড শোধনাগাৰ কৰাৰ আনুষ্ঠানিকভাৱে দাবী উত্থাপন কৰিলে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুই।

এই সম্পৰ্কে নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা সঁজাতী দলে ঢালিগাঁৱস্থিত বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হৈ নাম সলনি কৰাৰ দাবী উত্থাপন কৰে।

নতুনকৈ ষষ্ঠ অনুসূচী পৰিষদৰ অন্তৰ্গত এলেকাৰ ভিতৰত শোধনাগাৰটো অন্তৰ্ভুক্ত হোৱাৰ ফলত ইয়াক বড়োলেণ্ড শোধনাগাৰ হিচাপে নামাকৰণ কৰাৰ বাবে আহ্বান জনায় সংগঠনটোৱে।

এই বিষয়ে সংগঠনটোৱে ভাৰতীয় তেল নিগমৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক অৱগত কৰিব বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰি শোধনাগাৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত স্থানীয় যুৱক–যুৱতীক মকৰল কৰা, চি এছ আৰ ফাণ্ডৰ সঠিক ৰূপায়ণ আৰু শোধনাগাৰৰ সম্প্ৰসাৰণৰ নামত স্থানীয় লোকক ভূমিহীন কৰাৰ পৰা বিৰত থকাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে।