অসম

বকোৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত এজন ডকাইতৰ মৃত্যু…

মঙলবাৰে নিশা সংঘটিত হোৱা বকোৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত এজন ডকাইতৰ মৃত্যু।

ধৃত ডকাইত ডৰসিং বসুমতাৰীৰ হাস্পতালত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

মৃত ডকাইজনৰ ঘৰ কোকৰাঝাৰৰ চন্দ্ৰপাৰাত বুলি জানিব পৰা গৈছে।

মৃত ডকাইতজনৰ পৰা ৭.৬২ এম এম পিষ্টল জব্দ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে।

ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাত ডকাইতৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে।

এই সংঘৰ্ষত আশ্ৰাফুল আলম বুলি আৰক্ষীৰ এজন জোৱান গুলীবিদ্ধ হৈছিল।

ইয়াৰ পিছতে ৰাইজে ডৰসিং বসুমতাৰী নামৰ ডকাইতজনক কৰায়ত্ত কৰি উত্তম মধ্যম শোধাই আৰক্ষীক গতাই দিছিল। 

ইফালে ডকাইতি কাণ্ডটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজ আৰু বকো আৰক্ষীয়ে অভিযান চলাই নিশাই গ্ৰেপ্তাৰ কৰিছিল ৰমেন বৰগয়াৰী নামৰ আন এজন ডকাইতক।

বৰগয়াৰীৰ ঘৰ চিৰাং জিলাৰ আশ্ৰাবাৰীত বুলি আৰক্ষীয়ে জানিব দিয়ে।

জানিব পৰা মতে, দুধনৈৰ কমল খাখলাৰী আৰু সুনীল বড়ো নামৰ আন দুজন ডকাইত এতিয়াও পলাতক অৱস্থাত আছে।

Related Articles

Back to top button