fbpx
ৰাষ্ট্ৰীয়

বংশবাদৰ ৰাজনীতিক লৈ সৰৱ মোডীঃ মোৰ বাবেই বিজেপিৰ সাংসদৰ পুত্র-কন্যাই নাপালে টিকট…

অলপতে হৈ যোৱা ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত চাৰি ৰাজ্যত বিজেপিয়ে নিৰংকুশ সফলতা লাভ কৰে।

ইয়াৰ পিছতে মঙলবাৰে অনুষ্ঠিত হয় বিজেপিৰ প্ৰথমখন সংসদীয় দলৰ বৈঠক।

বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পুনৰ এবাৰ সৰৱ হয় বংশবাদী ৰাজনীতিৰ বিৰুদ্ধে।

বৈঠকত প্রধানমন্ত্রী মোডীয়ে প্ৰকাশ কৰে যে, সদ্য অনুষ্ঠিত বিধানসভা নিৰ্বাচনত বিজেপিৰ সাংসদসকলৰ সন্তানক দলীয় টিকট নিদিয়াটো আছিল তেওঁৰ সিদ্ধান্ত।

তেওঁ কয় – সদ্য অনুষ্ঠিত নির্বাচনত কেইবাজনো সাংসদ আৰু দলীয় নেতাই তেওঁলোকৰ সন্তানৰ বাবে দলীয় টিকট বিচাৰিছিল। বংশবাদী ৰাজনীতিৰ আওতালৈ আহে বাবেই তেওঁলোকক টিকট দিয়া নহ’ল। তেওঁলোকে মোৰ বাবেই দলীয় টিকট লাভ নকৰিলে। বংশবাদী ৰাজনীতি দেশৰ বাবে অতি ভয়ংকৰ। বংশবাদীয়ে গোষ্ঠীবাদক তেল-পানী যোগায়।

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে বংশবাদী ৰাজনৈতিক দলসমূহৰ বিৰুদ্ধে দলে জন সচেতনতা সৃষ্টি কৰিব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

এই বৈঠকতে প্রধানমন্ত্রী মোডীয়ে বলিউডৰ নতুন ছবি কাশ্মীৰ ফাইলছ’ৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।

ছবিখনৰ প্ৰতি উদ্বেলিত হৈ প্ৰধানমন্ত্রীয়ে কয়– এনে ছবি সঘনাই নির্মাণ হ’ব লাগে। এনে ছবিয়ে সত্য উদ্ঘাটন কৰে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!