fbpx
অসমীয়াঅসম

বঁটা বিতৰ্ক! ইমান ডাঙৰ ভুল কেনেকৈ হ’ল জুৰীৰ দ্বাৰা? ৰূপজ্যোতি দেৱী নে নাহিদৰ বাবে আছিল এই বঁটা…

নিউজ ডেস্কঃ ২০১৫ চনত ভাৰতৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ইণ্ডিয়ান আইডল জুনিয়ৰৰ জৰিয়তে লাখ লাখ ভাৰতীয়ৰ মাজত তেওঁ পৰিচিত হৈ পৰিছিল।

দীঘল চুলিৰ মৰমলগা ছোৱালীজনী আছিল অসমৰ সাংস্কৃতিক নগৰী তেজপুৰৰ কন্যা।

কণ্ঠেৰে মন ভুলাব পৰা ছোৱালীজনীয়ে বলিউডতো গীত গোৱাৰ সুযোগ পাইছিল। সোনাক্ষী সিনহাই তেওঁৰ ছবি আকাৰাত গীত গোৱাৰ সুযোগ দিছিল কোকিলকণ্ঠী ছোৱালীজনীক।

সেই তেতিয়াৰ পৰাই সাংগীতিক জগতখনত এঢাপ এঢাপকৈ আগবাঢ়িছিল তেওঁ।

বহু অসমীয়া গীতত তেওঁ কণ্ঠ নিগৰাইছে। তেওঁৰ বহু গীত জনপ্ৰিয় হৈছে।

৩ বছৰ বয়সৰ পৰাই গীত গাই অহা ছোৱালীজনীক লৈ বিতৰ্ক হোৱা নাছিল কেতিয়াও।

অৱশ্যে অসমৰে একাংশ মুছলমান সংগঠনে এবাৰ তেওঁৰ বিৰুদ্ধে ফতোৱা জাৰি কৰাৰো অভিযোগ উঠিছিল।

মুছলমান সংগঠনৰ মতে- মুছলমানে নাছ, গান, অভিনয় আদিৰ পৰা দূৰৈত থাকিব লাগে।

image 24

কিন্তু এইবাৰ ফতোৱা বা তেনে কিবা নহয়। বৰং তেওঁ নিজেই এইবাৰ সূচনা কৰিলে বিতৰ্কৰ।

জানিয়েই হওক বা অজানিতে- এতিয়া তেওঁক লৈ সৃষ্টি হৈছে চৰ্চাৰ।

সেই ছোৱালীজনীয়েই হৈছে নাহিদ আফ্ৰিন।

দৰাচলতে সোমবাৰে প্ৰদান কৰা হয় অষ্টম সংখ্যক অসম ৰাজ্যিক চলচ্ছিত্ৰ বঁটা।

ৰাজ্য চৰকাৰে প্ৰদান কৰা এই বঁটাতে ২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ সন্মান লাভ কৰে নাহিদে।

image 25

২০১৮ত মুক্তিলাভ কৰা ‘নিজানৰ গান’ নামৰ ছবিখনৰ ‘নীলাতে লুকা ভাকু’ শীৰ্ষক গীতটোৰ বাবে প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰা হয় নাহিদ আফ্ৰিনক।

আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অনেক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত নাহিদ আফ্ৰিনে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৰা এই বঁটা গ্ৰহণ কৰি ফটোও শ্বেয়াৰ কৰিলে সামাজিক মাধ্যমত।

কিন্তু তাৰ পিছতে সৃষ্টি হয় বিতৰ্কৰ।

যিটো গীতৰ বাবে নাহিদক বঁটা প্ৰদান কৰা হৈছিল, সেই গীতটোৰ সংগীত পৰিচালক খোদ যতীন শৰ্মাই ক্ষোভ উজাৰিলে নাহিদৰ বিৰুদ্ধে। অভিযোগ উঠিল এই বঁটাৰ বাবে নিৰ্বাচিত কৰা জুৰীৰ ওপৰতো।

প্ৰকৃততে এই গীতটোত কণ্ঠ দিয়াই নাছিল নাহিদে। বৰঞ্চ গীতটোৰ কণ্ঠশিল্পী আছিল জুবিন গাৰ্গ আৰু ৰূপজ্যোতি দেৱী।

ৰাজদ্বীপৰ দ্বাৰা ৰচনা কৰা হৈছিল গীতটোৰ কথা। সংগীত পৰিচালনা কৰিছিল যতীন শৰ্মাই।

image 26

অৱশ্যে নাহিদ আফ্ৰিনে নিজানৰ গান ছবিৰ বাবে এটা গীতত কণ্ঠ দিছিল। গীতটোৰ নাম আছিল ‘নতুন এজাক’।

কিন্তু যিটো গীত তেওঁ গোৱাই নাছিল, মঞ্চত উঠি মুখত হাঁহি লৈ তেওঁ সেই গীতটোৰ বাবেই বঁটা গ্ৰহণ কৰিলে কেনেকৈ?

প্ৰশ্ন উঠিছে। প্ৰশ্ন উঠাটোও স্বাভাৱিক।

নাহিদে সপ্তম অসম ৰাজ্যিক চলচ্ছিত্ৰ বঁটাও লাভ কৰিছিল শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বাবে। আকুলি বিকুলি শীৰ্ষক গীতটোৰ বাবে তেওঁ সেইবাৰ এই বঁটা লাভ কৰিছিল।

কিন্তু বঁটাৰ প্ৰতি ইমান হাবিয়াস নে যে আনে গোৱা গীত এটাৰো কৃতিত্ব তেঁৱেই ল’ব বিচাৰে?

image 27

নাহিদক লৈ এতিয়া এনেকৈয়ে ক্ষোভ উজাৰিছে অনেকে। একাংশই কৈছে- হ’ব পাৰে এয়া প্ৰিণ্টিং মিছটেক!

কিন্তু প্ৰিণ্টিং মিছটেকৰ এই সম্ভাৱনা মানি ল’ব বিচৰা নাই সংগীত পৰিচালক যতীন শৰ্মাই।

তেওঁ স্পষ্টভাৱে কৈছে- ভুল দুজনৰ। বঁটাৰ বাবে নাহিদক নিৰ্বাচিত কৰা জুৰীৰ আৰু গীতটো নিজে গোৱা নাই বুলি জানিও মঞ্চত বঁটা গ্ৰহণ কৰা নাহিদৰ।

ইফালে পলমকৈ হ’লেও সমগ্ৰ বিতৰ্ক সন্দৰ্ভত স্পষ্টীকৰণ দিছে নাহিদেও। ফেচবুকত এটা ভিডিঅ’যোগে তেওঁ কৈছে তেওঁৰ ক’বলগীয়াখিনি।

image 28

নাহিদৰ মতে, তেওঁক যেতিয়া এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল, তেতিয়া তেওঁ লাভ কৰা পত্ৰখনত আছিল কেৱল তেওঁৰ নাম আৰু ছবিখনৰ নাম।

সেইবাবেই তেওঁ ভুলতো ভৱা নাছিল যে নতুন এজাকৰ বাবে এই বঁটা দিয়া হোৱা নাই।

কিন্তু মঞ্চত বঁটা ল’বলৈ যোৱাৰ সময়ত নাহিদে কিয় নক’লে এই কথা?

ইয়াৰো উত্তৰ দিছে নাহিদে। তেওঁ কোৱা মতে, তেওঁ যেতিয়া বঁটা গ্ৰহণ কৰিবলৈ গৈছিল তেতিয়া চৌদিশৰ হুলস্থূলীয়া পৰিৱেশ আৰু পিছফালৰ ষ্ক্ৰীণত তেওঁ গীতৰ নামটো নেদেখাৰ বাবেহে এই বঁটা গ্ৰহণ কৰিছিল।

যদি গীতটোৰ নাম তেওঁ দেখিলেহেঁতেন তেন্তে মঞ্চতে এই বঁটা তেওঁ তেওঁৰ বাবে নহয় বুলি কৈ থৈ আহিলহেঁতেন।

নাহিদে নিজকে ইন’চেণ্ট বুলি দাবী কৰি সকলো ভুল জাপি দিছে জুৰীৰ ওপৰত।

দুগৰাকী জুৰী সদস্যই অসম ৰাজ্যিক চলচ্ছিত্ৰ বঁটা নিৰ্ধাৰণ কৰিছিল। সাধাৰণতে এই জুৰী দুগৰাকী অসমীয়া ছবি, নাটক, সংগীত আদি সাংস্কৃতিক ক্ষেত্ৰখনৰে জড়িত।

তেনে পৰিপ্ৰেক্ষিতত নাহিদ আফ্ৰিন আৰু নীলাতে লুকা ভাকুক লৈ ইমান ডাঙৰ বিসংগতি কেনেদৰে সম্ভৱ?

চৰকাৰৰ এটা বিশাল তন্ত্ৰৰ দ্বাৰা পৰিচালিত অসম ৰাজ্যিক চলচ্ছিত্ৰ বঁটাত এনে ধৰণৰ বিসংগতি কোনেও মানি ল’ব নিবিচৰটো স্বাভাৱিক।

বঁটা এগৰাকী শিল্পীৰ বাবে সাধনাৰ স্বীকৃতি। সেই স্বীকৃতি লাভৰ যোগ্য ৰূপজ্যোতি দেৱীৰ দৰে কণ্ঠশিল্পীও।

আজিকালি বঁটা প্ৰদান অনুষ্ঠানক লৈ মানুহৰ মনত এনেয়েই নেতিবাচকতা বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, প্ৰায়ে অভিযোগ উত্থাপন হৈ আহিছে যে বঁটা প্ৰদান এক লবীৰ ভিতৰত চলে।

অসম ৰাজ্যিক চলচ্ছিত্ৰ বঁটাৰ দৰে বঁটাও এতিয়া লবীৰ মাজত সোমাই পৰিল নেকি তাক লৈও সন্দেহ ওপজিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!