অসমীয়াঅসম

ফ্ৰীতে স্কুটী পাই স্পীডত নচলাবঃ বোকাখাতত স্কুটী বিতৰণ কৰি আহ্বান মন্ত্ৰী অতুল বৰাৰ

নিউজ ডেস্কঃ ফ্ৰীতে স্কুটী পাই স্পীডত নচলাব। – বোকাখাটত “সখী এক্সপ্ৰেছ” আঁচনিৰ অধীনত স্কুটী বিতৰণ কৰি এই আহ্বান ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ।

উল্লেখ্য যে, দেওবাৰে বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত এক অনুষ্ঠানত ২০২১-২২ বিত্তীয় বৰ্ষৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ “সখী এক্সপ্ৰেছ” আঁচনিৰ অধীনৰ গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ ৩৬ গৰাকী বেংক সখী, বীমা সখী, জীৱিকা সখী, কৃষি সখী, পশু সখী আদি সামূহিক কৰ্মীক স্কুটী বিতৰণ কৰে কৃষি মন্ত্ৰী অতুল বৰাই।

photo1662288018

এই অনুষ্ঠানত অংশ লৈ অতুল বৰাই আজি স্কুটী লাভ কৰা সকলক নিয়ম-কানুন মানি স্কুটী চলাবলৈ আহ্বান জনায়। তেওঁ কয়, ‘ফ্ৰীতে স্কুটী পাই স্পীডত নচলাব, নিয়ম-কানুন মানি চলিব।’ আনহাতে পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সকলোকে হেলমেট পিন্ধি স্কুটী চলাবলৈও আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

photo1662288027

অনুষ্ঠানত তেওঁ কয় যে বিগত অসমত চৰকাৰসমূহে অসমত যি ধৰণে উন্নয়ন কৰিব লাগিছিল সেয়া নকৰিলে। যোৱা এটা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত চৰকাৰে বিভিন্ন উন্নয়নমুখী আঁচনি গ্ৰহণ কৰিছে। অসমক আগুৱাই লৈ যাবলৈ হ’লে সকলোৱে নিজৰ নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিব লাগিব বুলিও মন্তব্য কৰে অতুল বৰাই।

এই স্কুটী বিতৰণ অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ধীৰাজ দাস, পৌৰপতি শ্ৰী ৰত্নেশ্বৰ বৰুৱাকে ধৰি জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে।

Related Articles

Back to top button