অসম

ফোন টেপিং কংগ্ৰেছৰ সংস্কৃতিঃ জয়ন্ত মল্ল বৰুৱা…

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য়ৰ বিপৰীতে সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা৷

শনিবাৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 15 খন বিচনাযুক্ত ICU কক্ষ মুকলি অনুষ্ঠানত উপস্থিত থাকি ফোন টেপিঙৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়কগৰাকীয়ে৷

সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ফোন টেপিঙৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ সন্দৰ্ভত ফোন টেপিং কংগ্ৰেছৰ সংস্কৃতি বুলি কটাক্ষ কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই৷

পূৰ্বৰ কংগ্ৰেছ নেতাগৰাকীয়ে বিসম্বাদৰ সময়ত দলটোৰ সকলোৰে ফোন টেপিং কৰা হৈছিল বুলি বিস্ফোৰক মন্তব্য কৰে৷

অকল সন্ত্ৰাসবাদী বা আইনসংগত প্ৰয়োজন থাকিলেহে বিজেপিয়ে ফোন টেপিং কৰিব৷ তদুপৰি বিৰোধী দলৰ কোনো সদস্যৰে বিজেপিয়ে কেতিয়াও ফোন টেপিং নকৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই।

Related Articles

Leave a Reply

Back to top button