অসমীয়াৰাষ্ট্ৰীয়

ফোনত হেল্ল’ নহয়, এতিয়াৰে পৰা বন্দে মাতৰম বুলি ক’ব লাগিব চৰকাৰী কৰ্মচাৰীয়ে! বাধ্যতামূলক কৰিলে এইখন চৰকাৰে…

নিউজ ডেস্কঃ ফোন ৰিচিভ কৰি এতিয়া ‘হেল্ল’ ক’ব নোৱাৰিব এখন ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে। ফোনত হেল্ল’ৰ সলনি ‘বন্দে মাতৰম’ কোৱাটো বাধ্যতামূলক কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা।

শনিবাৰে একানাথ শিন্দে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে এক চৰকাৰী প্ৰস্তাৱ জাৰি কৰি সকলো চৰকাৰী কৰ্মচাৰীক ফোনত হেল্ল’ৰ সলনি বন্দে মাতৰম কোৱাটো বাধ্যতামূলক কৰে।

‘হেল্ল’ শব্দটো পশ্চিমীয়া সংস্কৃতিৰ অনুকৰণ বুলি দাবী কৰি এই নিৰ্দেশ প্ৰদান কৰিছে একনাথ শিন্দে চৰকাৰে।

চৰকাৰী নিৰ্দেশ অনুসৰি চৰকাৰত বা চৰকাৰী পুঁজিৰে চলি থকা প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীসকলে নাগৰিক বা চৰকাৰী বিষয়াৰ পৰা টেলিফোন বা মোবাইল ফোন কল লাভ কৰাৰ সময়ত ‘হেল্ল’ৰ সলনি ‘বন্দে মাতৰম’ ব্যৱহাৰ কৰিব।

সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা চৰকাৰী প্ৰস্তাৱত কোৱা হৈছে যে বিষয়াসকলেও একে কাম কৰিবলৈ তেওঁলোকক সাক্ষাৎ কৰা লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰিব লাগে।

চৰকাৰী প্ৰস্তাৱত উল্লেখ কৰা হৈছে- “‘হেল্ল’ শব্দটো পশ্চিমীয়া সংস্কৃতিৰ অনুকৰণ আৰু ইয়াৰ কোনো নিৰ্দিষ্ট অৰ্থ নাই। এই শব্দটোৱে শুভেচ্ছা বা কোনো ধৰণৰ আন্তৰিকতাৰো সৃষ্টি নকৰে।’’

ইফালে চৰকাৰৰ এই সিদ্ধান্তক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰো।

বিৰোধীয়ে চৰকাৰৰ এই সিদ্ধান্তক ভিত্তিহীন আখ্যা দিছে। AIIMIMৰ বিধায়ক ৱাৰিছ পাঠানে কয় যে কেৱল প্ৰকৃত বিষয়ৰ পৰা জনসাধাৰণক বিচলিত কৰিবলৈ শিন্দে চৰকাৰে নতুন নাটক সৃষ্টি কৰিছে।

তেওঁ প্ৰশ্ন কৰিছে, ‘যদি আমি বন্দে মাতৰম নকও, তেন্তে চৰকাৰে আমাক কি কৰিব পাৰিব? ফোনত হেল্ল’ৰ সলনি বন্দে মাতৰম ক’লেই নিবনুৱাই চাকৰি লাভ কৰিব নেকি? নে কৃষকৰ ঋণ মাফ হ’ব অথবা মুদ্ৰাস্ফীতি হ্ৰাস পাব?”

Related Articles

Back to top button