
নিউজ ডেস্কঃ ফেচবুক-টুইটাৰত কোনোবাই কিবা এটা লিখি দিলেই বৰ বৰ হৰফেৰে তাক প্ৰকাশ নকৰিবলৈ সাংবাদিকক আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ।
নিযুক্তি কেলেংকাৰী সন্দৰ্ভত পুুনৰ এবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম চৰকাৰৰ সৰ্বজান্তা বহুবল্কী মন্ত্ৰীগৰাকীয়ে কয় যে জলসম্পদ বিভাগৰ চাকৰিৰ নামত দালালি কৰা যি কেইজনক গ্ৰেপ্তাৰ কৰা হৈছিল, সেই কেইজন প্ৰৱঞ্চকহে। জলসম্পদ বিভাগত নিযুক্তি নোলোৱাকৈয়ে চাকিৰৰ বেহা মেলিছিল প্ৰৱঞ্চক কেইজনে।
এনে প্ৰৱঞ্চকৰ কবলত নপৰিবলৈও অসমবাসীক আহ্বান জনালে মন্ত্ৰী পীযুষ হাজৰিকাই। চৰকাৰেও এনে প্ৰৱঞ্চকৰ বিৰুদ্ধে কঠোৰ হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।