নিউজ ডেস্ক। আলফা (স্বাধীন)ৰ নামত কেবিনেট মন্ত্ৰী অতুল বৰাক সামাজিক মাধ্যমত প্ৰাণনাশৰ ভাবুকি দিয়া ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে ঘটনা সংক্ৰান্তত এজন লােকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
এই সন্দৰ্ভত টুইটাৰৰ জৰিয়তে শেহতীয়া তথ্য প্ৰদান কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে।

ডিজিপিয়ে প্ৰকাশ কৰা অনুসৰি, ধৃত লোকজনৰ নাম নিপ প্ৰতিম বৰুৱা, বয়স ৩১ বছৰ।
এই লােকজন শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত বামুণ মৰাণ গাঁঁৱৰ বাসিন্দা। লােকজনক ফেচবুকত মন্ত্ৰী বৰাক লক্ষ্য ভাবুকি দিয়া ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে। জি.পি. সিংহে জনাইছে যে বৰুৱাক উচিত তথ্য-প্ৰমাণত ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে।
Sri Nip Pratim Baruah (age-31yrs.), S/O- Sri Haren Baruah, Vill.- Bamun Moran Gaon, PS- Gaurisagar, Dist.- Sivasagar has been picked up for the Facebook post threatening the Hon Minister. The detention is based on substantial evidence. https://t.co/P45exs3gHJ
— GP Singh (@gpsinghips) November 15, 2023
উল্লেখ্য যে এটা স্থানীয় প’ৰ্টেলৰ ফেচবুকত পেজত কমেন্ট কৰি নিজকে আলফা (স্বাধীন)ৰ কেডাৰ বুলি দাবী কৰা কােনাে অজ্ঞাত মন্ত্ৰী বৰাৰ বাসগৃহত বোমা স্থাপনৰ ভাবুকি প্ৰদান কৰি হত্যাৰ ভাবুকি প্ৰদান কৰিছিল।
এই ঘটনা অসম আৰক্ষীৰ দৃষ্টিগােচৰ হােৱাৰ পিছতে CIDক এই ঘটনা তদন্ত কৰিবলৈ আৰু আইন অনুযায়ী ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছিল।