ফেক্টৰীত প্ৰচণ্ড বিস্ফোৰণে প্ৰাণ কাঢ়ি নিলে ৬ জনৰ, আহত হল আধা ডজনতকৈও অধিক লোক

নিউজ ডেস্ক। দেওবাৰে পুৱা প্ৰায় ১০ বজাত বিহাৰৰ মুজাফ্ফৰপুৰৰ বেলা ফেজ-২ত থকা এটা নুডল ফেক্টৰীত হোৱা বয়লাৰ বিস্ফোৰণত ৬ জন শ্ৰমিক নিহত হয়।

এই বিস্ফোৰণত আহত হোৱা আধা ডজনৰো অধিক শ্ৰমিকক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে এছকেএমচিএইচত ভৰ্তি কৰা হৈছে।

789

ভয়ংকৰ বিস্ফোৰণৰ ফলত সমীপৰ কেইবাটাও কাৰখানাও ক্ষতিগ্ৰস্ত হয়।

এই বিস্ফোৰণৰ ফলত ওচৰৰ চুৰা আৰু ময়দাৰ এটা কাৰখানাৰ দুজন শ্ৰমিকো গুৰুত্বৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

ইফালে, মুজাফ্ফৰপুৰৰ এছএছপি জয়ন্তকান্তে এই বিস্ফোৰণৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয়।

256

বৰ্তমান কাৰখানাটোত উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। অৱশ্যে আহত আৰু নিহত সকলক এতিয়াও চিনাক্ত কৰিব পৰা নাই। বিস্ফোৰণটো কিদৰে সংঘটিত হল সেয়াও এতিয়ালৈকে জানিব পৰা হোৱা নাই।

জানিব পৰা মতে, নুডলছ কাৰখানাটোত ঠাণ্ডাৰ বাবে শ্ৰমিকৰ সংখ্যা কম আছিল।

আজি পুৱাৰ ভাগত ৬০ জন শ্ৰমিকে কাৰখানাটোত কাম কৰি আছিল। কিন্তু সাধাৰণতে এই সময়ত ৩০০ৰো অধিক শ্ৰমিকে কাম কৰি থাকে।

লগতে চাওকঃ

ফাৰ্ম হাউছত সৰ্প দংশনৰ বলি ছলমান খান, চিকিৎসালয়ত ভৰ্তি

Leave a Comment