
নিউজ ডেস্কঃ সদ্য সমাপ্ত ফুটবল বিশ্বকাপৰ জ্বৰে কঁপালে সমগ্ৰ বিশ্ব। এই ফিফা বিশ্বকাপৰ প্ৰভাৱ পৰিল ভাৰততো।
কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপৰ ফাইনেলত এইবাৰ অৱতীৰ্ণ হৈছিল আৰ্জেণ্টিনা বনাম ফ্ৰান্স।
অতি ৰোমাঞ্চকৰ খেলখনত অৱশেষত বিজয়ৰ মুকুট পৰিধান কৰে পুনৰ এবাৰ আৰ্জেণ্টিনাই।
দুয়োটা দলৰ দুগৰাকী খেলুৱৈ- আৰ্জেণ্টিনাৰ মেছি আৰু ফ্ৰান্সৰ এমবাপ্পেয়ে এইবাৰ হৃদয় জিনিবলৈ সক্ষম হ’ল ফুটবলপ্ৰেমীৰ।
কিন্তু কাটাৰৰ খেলপথাৰত মেছি বাহিনী আৰু এমবাপ্পে বাহিনীৰ মাজত এই ৰোমাঞ্চকৰ ফাইনেল খেলখন চলি থকাৰ সময়তে ভাৰতত সম্পন্ন হ’ল এখন ব্যতিক্ৰমী বিবাহ।
দেওবাৰৰ এই খেলখনৰ মাজতে কেৰালাৰ কোচিত প্ৰিয় খেলুৱৈৰ জাৰ্ছি পৰিধান কৰি বিবাহ পাশত আৱদ্ধ হ’ল এহাল যুৱক-যুৱতী।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ফুটবল অনুৰাগী এই দৰা-কইনাহালৰ বিশেষ ফটো।
দৰাচলতে দেওবাৰে কেৰালাৰ কোচিত বিবাহ পাশত আৱদ্ধ হয় শচীন আৰু আথিৰা নামৰ যুৱক-যুৱতীহালে।
তেওঁলোকৰ এই আড়ম্বৰপূৰ্ণ বিয়াৰ সময়ত দৰা শচীনে পৰিধান কৰে আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিঅ’নেল মেছিৰ জাৰ্ছি।
সেইদৰে বিয়াৰ কইনা আথিৰাই পৰিধান কৰে ফ্ৰান্সৰ তাৰকা ফুটবলাৰ এমবাপেৰ জাৰ্ছি।
অন্যহাতে ফাইনেল খেলখন সঠিকমতে উপভোগ কৰিবলৈ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানো লৰালৰিকৈ সম্পন্ন কৰে দম্পতীহালে।
সামাজিক মাধ্যমত ইতিমধ্যে শচীন আৰু আথিৰাৰ ব্যতিক্ৰমী বিবাহৰ ফটো ভাইৰেল হৈ পৰিছে।