fbpx
ৰাষ্ট্ৰীয়

ফুটবল খেল চলি থকাৰ মাজতে খহি পৰিল গেলেৰী, আহত ২ শতাধিক…

ফুটবল খেল চলি থকাৰ সময়তে বাঁহেৰে নিৰ্মিত গেলেৰী ভাগি পৰি আহত ২০০ৰো অধিক দৰ্শক। এই ঘটনা সংঘটিত হৈছে কেৰালাত।

জানিব পৰা মতে, শনিবাৰে নিশা উত্তৰ কেৰেলাৰা মালাপ্পুৰম জিলাৰ এখন ষ্টেডিয়ামৰ বাঁহেৰে নিৰ্মিত অস্থায়ী গেলেৰী ভাগি পৰে।

যাৰ ফলত ২ শতাধিক লোক আহত হয়। আহত সকলৰ ৫ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, মালাপ্পুৰম জিলাৰ পুংগোডুত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন চলি থকাৰ সময়তে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এই অঘটন। ইতিমধ্যে এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আয়োজক আৰু অন্যান্য উপস্থিত দৰ্শকৰ তৎপৰতাত আহত সকলক উদ্ধাৰ কৰি নিকতৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হয়।

আহত সকলৰ ৫ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি অস্থায়ী গেলেৰীত বহি ২,০০০ ৰো অধিক দৰ্শকে সেই সময়ত খেল উপভোগ কৰি আছিল।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!