ৰাষ্ট্ৰীয়

ফিফাই প্ৰত্যাহাৰ কৰিলে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ওপৰত থকা নিলম্বন…

ভাৰতীয় ফুটবল জগতলৈ এক ভাল খবৰ!

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ওপৰত থকা নিলম্বন প্ৰত্যাহাৰ কৰিলে ফিফাই।

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই নিজৰ হেৰুৱা স্বীকৃতি পুনৰ ওভতাই লাভ কৰিলে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন (AIFF)এ।

 উল্লেখ্য যে, তৃতীয় পক্ষৰ হস্তক্ষেপৰ অভিযোগত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ওপৰত বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাই নিলম্বন আৰোপ কৰিছিল। যাৰ বাবে দেশৰ ফুটবল জগতখনত একপ্ৰকাৰ খলকনি সৃষ্টি হোৱাৰ লগতে অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া অনুৰ্ধ-১৭ মহিলা বিশ্বকাপৰ আয়োজনৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছিল।

শুকুৰবাৰে এক প্ৰেছ বিবৃতিৰ জৰিয়তে ফিফাই জনাই যে তৃতীয় পক্ষৰ হস্তক্ষেপৰ বাবে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ ওপৰত আৰোপ কৰা নিলম্বন প্ৰত্যাহাৰ কৰা হৈছে।

ইয়াৰ পাছতেই ১৭ অনুৰ্ধ মহিলা বিশ্বকাপৰ আয়োজনৰ ক্ষেত্ৰত ভাৰতৰ ওপৰত আহি পৰা বাধাও আঁতৰিল।

লগতে AIFF ৰ কাৰ্যকৰী সমিতিৰ ক্ষমতা প্ৰয়োগৰ বাবে গঠন কৰা প্ৰশাসকৰ সমিতিৰ আদেশ বাতিল তথা ভাৰতীয় ফুটবল প্ৰশাসনে সম্পূৰ্ণ নিয়ন্ত্ৰণ পুনৰ নিজৰ হাতলৈ আনিছে বুলি নিশ্চিতি পোৱাৰ পিছত ফিফাই এই সিদ্ধান্ত লোৱা বুলিও জানিবলৈ দিছে।

ফিফা আৰু এএফচিয়ে পৰিস্থিতি নিৰীক্ষণ অব্যাহত ৰাখিব আৰু সময়মতে ইয়াৰ নিৰ্বাচন আয়োজন কৰাত এআইএফএফক সমৰ্থন কৰিব।

ইয়াৰ ফলস্বৰূপে, ১১ৰ পৰা ৩০ অক্টোবৰ ২০২২ তাৰিখে অনুষ্ঠিত হ’বলগীয়া ফিফা অনুৰ্ধ-১৭ মহিলা বিশ্বকাপ ২০২২ পৰিকল্পনা অনুসৰি ভাৰতত অনুষ্ঠিত হ’ব।

Related Articles

Back to top button