ফােনত ছাত্ৰীৰে অশ্লীল বাৰ্তালাপ! ৰেকৰ্ডিং ভাইৰেল হােৱাৰ পিছতে নিলম্বিত হ’ল শিক্ষক

নিউজ ডেস্ক। শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত কালিমা সনা আন এগৰাকী শিক্ষকৰ বিৰুদ্ধে কঠােৰ পদক্ষেপ শিক্ষা বিভাগৰ।

এগৰাকী কন্যাসম ছাত্ৰীৰ সৈতে ফােনত অশ্লীল বাৰ্তালাপ কৰা গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পদ্ম দত্তক নিলম্বিত কৰিছে শিক্ষা বিভাগে।

image 149
ফােনত ছাত্ৰীৰে অশ্লীল বাৰ্তালাপ! ৰেকৰ্ডিং ভাইৰেল হােৱাৰ পিছতে নিলম্বিত হ’ল শিক্ষক 5

উল্লেখ্য যে কিছুদিন পূৰ্বে এগৰাকী ছাত্ৰীৰ সৈতে অতি আপত্তিজনক অশালীন বাৰ্তালাপ কৰাৰ ৰেকৰ্ডিং ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

ইয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।

এই ঘটনা সম্পৰ্কে মহকুমাধিপতিয়ে প্ৰাথমিক তদন্ত কৰি শিক্ষা বিভাগক দাখিল কৰা তথ্যৰ আধাৰত তৎকালীনভাৱে বলৱৎ হোৱাকৈ শিক্ষকগৰাকীক নিলম্বন কৰা হৈছে।

image 148
ফােনত ছাত্ৰীৰে অশ্লীল বাৰ্তালাপ! ৰেকৰ্ডিং ভাইৰেল হােৱাৰ পিছতে নিলম্বিত হ’ল শিক্ষক 6

শােণিতপুৰ চক্ৰৰ বিদ্যালয়ৰ পৰিদৰ্শকে স্বাক্ষক কৰা এই নিৰ্দেশনাৰ ফটাে খােদ শিক্ষামন্ত্ৰী ডঃ ৰণােজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে।

লগতে চাওকঃ

পুনৰ অংক ছাৰৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ ছাত্ৰীৰ, নিলম্বনৰ লগতে আটক হ’ল ছাৰ…

1182
ফােনত ছাত্ৰীৰে অশ্লীল বাৰ্তালাপ! ৰেকৰ্ডিং ভাইৰেল হােৱাৰ পিছতে নিলম্বিত হ’ল শিক্ষক 7

অধ্যাপিকা, মডেল ডঃ দীপালী দাসৰ দেহাৱসান…

G5 4
ফােনত ছাত্ৰীৰে অশ্লীল বাৰ্তালাপ! ৰেকৰ্ডিং ভাইৰেল হােৱাৰ পিছতে নিলম্বিত হ’ল শিক্ষক 8