ফাগুনৰ ধূলিয়ৰি আকাশ ভেদি নামিব বৰষুণ! অসম তথা উত্তৰ-পূবত বৰষুণৰ আগজাননী…

নিউজ ডেস্কঃ ফাগুনৰ ধূলিয়ৰি আকাশ ভেদি ৰাজ্যত বৰষুণৰ আগজাননী।

ফাকুৱা উৎসৱৰ মাজত আগন্তুক ৫ দিনলৈ অসম তথা উত্তৰ-পূবত বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ।

বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা বিবৃতি অনুসৰি, অহা ১০ মাৰ্চলৈ অসম তথা উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ’ব পাতল আৰু ধাৰাসাৰ বৰষুণ।

অসম, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ ঠায়ে ঠায়ে হ’ব পাতলীয়া বৰষুণ।

অৱশ্যে এই বৰষুণে নিশাৰ তাপমানত কোনো প্ৰভাৱ নেপেলাব।

আগন্তুক ২৪ ঘণ্টাত উজনি অসমৰ লগতে নামনি অসমৰো বিভিন্ন প্ৰান্তত বৰষুণৰ সম্ভাৱনা ব্যক্ত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ।

উল্লেখ্য যে, ফাগুনৰ বতৰত এতিয়া ৰাজ্যৰ চৌদিশ ধূলিময় হৈ পৰিছে।

গুৱাহাটী মহানগৰীতো ধূলিয়ে বেঢ়িছে আকাশ।

এনে সময়ত এজাক বৰষুণৰ আগমণে ধৰণীক জীপাল কৰিব পাৰে।