ফাইন দিবলৈ টকা নাই, লাগিলে কিডনীটো লৈ লওক, জে’লত থৈ দিলেও থাকিম কেইদিনমানঃ পৰিবহণ বিষয়াক প্ৰস্তাৱ এগৰাকী বাইক আৰোহী যুৱকৰ…

নিউজ ডেস্কঃ জেপত টকা অলপ নোহোৱাকৈ যদি আপুনি গাড়ীখন ওলাই আহিছে, তেন্তে এয়া আপোনাৰ বাবে মহা ভুল। নহয়, আধা বাটত গাড়ীখন বেয়া হ’ব বুলিয়েই আপোনাক টকাৰ প্ৰয়োজন নহয়, বৰং এমভিআইয়ে আজি আপোনাক ৰখাই কি কাৰণত চালান কাটিব পাৰে, সেইবাবেহে দুটকা বেচিকৈ হাতত থকাটো আপোনাৰ বাবে জৰুৰী।

চৰকাৰে সদায় ন ন নিয়ম প্ৰৱৰ্তন কৰি চালক-আৰোহীক জৰিমণা বিহে। বহুতৰে মতে এয়া ৰাজহ সংগ্ৰহৰ চক্ৰান্ত হ’লেও সাধাৰণ জনতাই ইয়াৰ বিৰোধিতা কৰিব নোৱাৰে। কোনো প্ৰতিবাদ নকৰাকৈয়ে আপুনি জৰিমণা ভৰি অহাটোৱেই আপোনাৰ বাবে মংগল।

কিন্তু লখিমপুৰত এক ব্যতিক্ৰমী ঘটনাহে সংঘটিত হল। জৰিমণা ভৰিবলৈ অস্বীকাৰ কৰি এজন বাইক আৰোহীয়ে পৰিবহণ বিষয়াক প্ৰস্তাৱ দিলে- লাগিলে কিডনীটো লৈ লওক।

দৰাচলতে কিছুদিন পূৰ্বে বাইকৰ চালক-আৰোহী দুয়োজনেই হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছিল। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হেলমেট পৰিধান নকৰাৰ বাবে জৰিমণা বিহি কোটি কোটি টকা সংগ্ৰহ কৰিছে পৰিবহণ বিভাগে।

সোমবাৰে লখিমপুৰ চহৰৰো কেইবাটাও অঞ্চলত হেলমেট নিপিন্ধা বাইক আৰোহী আৰু চিট বেল্ট নিপিন্ধা বাহন চালকৰ বিৰুদ্ধে তালাচী চলায় পৰিবহণ বিভাগে। ধেমাজি-লখিমপুৰ পথত এই তালাচীৰ সময়তে আহি উপস্থিত হয় এজন বাইক আৰোহী যুৱক।

দৰাচলতে এই বাইক আৰোহী যুৱকজনৰ বাইকৰ পিছফালে বহি থকা আৰোহীজনে পিন্ধা নাছিল হেলমেট। যাৰ বাবে পৰিবহণ বিভাগে তেওঁলোকক ৰখাই জৰিমণা বিহে।

কিন্তু হাতত এশ টকা লৈ কামলৈ বুলি ওলাই অহা বাইক চালক যুৱকজনে জৰিমণা ভৰিবলৈ অপৰাগ হয়। তেওঁ কয়, ‘পইচাই নাথাকিলে ক’ৰ পৰা জৰিমণা দিম? লাগিলে কিডনীটো লৈ লৈও। জে’লত থৈ দিলেও থাকিম কেইদিনমান। কিন্তু জৰিমণা ভৰিবলৈ পইচা নাই।’

সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে বাইক চালক যুৱকজনৰ এই মন্তব্য। বহুতেই কৈছে- প্ৰশাসনে নতুন নতুন নিয়ম আনি জনতাক হাৰাশাস্তি কৰিছে। বাইক এখন থাকিল বুলিয়েই যে ধনী হৈ পৰিব তেনে কথা নহয়। জৰিমণাৰ নামত জনতাৰ মূৰত মাধমাৰ শোধোৱা পৰিবহন বিভাগক উচিত প্ৰত্যুত্তৰ দিছে এই যুৱকজনে।