পৱিত্ৰ মছজিদৰ পৰিচালনা সমিতিৰ পদবীক লৈ দুটা ফৈদৰ তুমুল সংঘৰ্ষ, এজনৰ মৃত্যু

নিউজ ডেস্ক। কােনাে সংগঠন বা সমিতিক লৈ নহয়, এইবাৰ পৱিত্ৰ মছজিদৰ পৰিচালনা সমিতিৰ পদবীক লৈ তুমুল সংঘৰ্ষত দুটা ফৈদৰ।

এই সংঘৰ্ষই প্ৰাণ গ’ল এজন লােকৰ।

এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বাঙালীপাৰাত।

জানিব পৰামতে, বাঙালীপাৰা কুহুছী মছজিদৰ পৰিচালনা সমিতিৰ পদবীক লৈ দুটা ফৈদৰ মাজত কিছুদিন ধৰি খোৱা-কামোৰা চলি থকাৰ মাজতে বিগত শুকুৰবাৰে ফৈদ দুটাৰ মাজত তুমুল মাৰপিটৰ সূত্ৰপাত ঘটে।

সংঘৰ্ষত দুটা ফৈদৰ প্ৰায় ২০ গৰাকী পুৰুষ-মহিলা গুৰুতৰভাৱে আহত হয়।

সামান্য আঘাতপ্রাপ্তসকলক ধুবুৰীলৈ আৰু গুৰুতৰভাৱে আহতসকলক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল।

ইয়াৰে গুৰুতৰভাৱে আহত হাৰুণ ৰছিদ নামৰ যুৱকজনৰ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।

মংগলবাৰে দুপৰীয়া মৃতদেহ বাঙালীপাৰাৰ নিজ বাসগৃহলৈ অনাৰ পিচতে অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

বাঙালীপাৰাত ৰাষ্ট্ৰীয় ঘাইপথত মৃতদেহ সন্মুখত লৈ পথ অৱৰোধ কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী তোলে পথ প্রতিবাদী জনতাই।

প্রায় আধা ঘণ্টা পথ অৱৰোধ কৰাৰ পিচত অৱৰোধস্থলীত বিলাসীপাৰা আৰক্ষী উপস্থিত হৈ দোষীক গ্ৰেপ্তাৰৰ আশ্বাস প্ৰদান কৰাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।

ধর্মীয় অনুষ্ঠানত সংঘটিত হোৱা এনে লজ্জাজনক ঘটনাক ধিক্কাৰ আৰু গৰিহণা জনাইছে দল-সংগঠনে।

মছজিদ পৰিচালনা সমিতিয়ে ঘটনা সন্দৰ্ভত বিলাসীপাৰা থানাত এজাহাৰ দাখিল কৰে।

ইতিমধ্যে ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ৩৯১/২২ গোচৰৰ ভিত্তিত আৰক্ষীয়ে মুৰ্ভুজা ছামিম আৰু ইনামুল হক নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।