পৰ্যটকৰ বাবে পুনৰ বন্ধ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান!

May 3, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতাে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে।

ইয়াৰ পৰিপ্ৰেক্ষিততে পৰ্যটকৰ বাবে পুনৰ বন্ধ কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত উদ্যান কৰ্তৃপক্ষৰ।

উল্লেখ্য যে যােৱা ৩੦ এপ্ৰিলত কেন্দ্ৰীয় পৰিবেশ আৰু বন মন্ত্ৰালয়ে এই সন্দৰ্ভত এক পৰামৰ্শাৱলী প্ৰেৰণ কৰিছিল ৰাজ্যিক বন বিভাগলৈ।

ইয়াৰ পৰিপ্ৰেক্ষিততে বন বিভাগে সােমবাৰে এই নিৰ্দেশনা জাৰী কৰে।

পৰৱৰ্তী জাননী প্ৰকাশ পােৱা পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানখন বন্ধ থাকিব বুলি নিৰ্দেশনাত প্ৰকাশ কৰা হৈছে।