পৰ্যটকৰ ভিছা লৈ ভাৰতত প্ৰৱেশ কৰি ধৰ্মীয় প্ৰচাৰ চলোৱা ১৭ বাংলাদেশী নাগৰিকক আটক বিশ্বনাথ আৰক্ষীৰ

নিউজ ডেস্কঃ ৰাজ্যত জেহাদী আৰু সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে অব্যাহত থকা অভিযানৰ মাজতে শনিবাৰে বিশ্বনাথ আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ চাপৰিৰ পৰা ১৭ জন বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হয়। বাংলাদেশী নাগৰিক কেইজনে ভিছাৰ নীতি-নিয়ম উলংঘা কৰাৰ অপৰাধত আটক কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যোৱা তিনিদিন ধৰি বিশ্বনাথ জিলাৰ জিনজিয়া থানাৰ অন্তৰ্গত বাঘমাৰী অঞ্চলত শিবিৰ পাতি থকা ১৭ জন বাংলাদেশী নাগৰিকে ক্ষুদ্ৰ পৰিসৰত ধৰ্মীয় প্ৰচাৰ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিশ্বনাথ আৰক্ষী অধীক্ষক নবীন সিঙে কয়, “এই গোটটো এটা বিশেষ ধৰ্মীয় পন্থাৰ। বাংলাদেশী নাগৰিক কেইজনে বাংলাদেশৰ শ্বেৰপুৰ জিলাৰ ধৰ্মীয় গুৰু আশ্ৰফুল আলমৰ সৈতে কোচবিহাৰ হৈ অসমত প্ৰৱেশ কৰিছিল।”

জানিব পৰা মতে ২০২২ চনৰ আগষ্ট মাহত কোচবিহাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছে বাংলাদেশী নাগৰিক কেইজনে। ইয়াৰ পিছতে বাংলাদেশী নাগৰিক কেইজনে দক্ষিণ শালমাৰা জিলাত প্ৰৱেশ কৰি ধৰ্মীয় প্ৰচাৰ চলাই আছিল।

bangladeshi
পৰ্যটকৰ ভিছা লৈ ভাৰতত প্ৰৱেশ কৰি ধৰ্মীয় প্ৰচাৰ চলোৱা ১৭ বাংলাদেশী নাগৰিকক আটক বিশ্বনাথ আৰক্ষীৰ 2

ঘটনা পোহৰলৈ অহাৰ পিছতে দক্ষিণ শালমৰাৰ ফকিৰগঞ্জ আৰক্ষী থানাই পূৰ্বে ৰাজ্যত ৰাজহুৱা প্ৰচাৰ বন্ধ কৰিবলৈ বাংলাদেশী গোটটোক সকীয়াই দিছিল।

কিন্তু বাংলাদেশী নাগৰিক কেইজনে আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি বিশ্বনাথ জিলাৰ বাঘমাৰীৰ বিভিন্ন অঞ্চলত শিৱিৰ পাতি ধৰ্মীয় প্ৰচাৰ আৰম্ভ কৰাত অৱশেষত আৰক্ষীয়ে আটক কৰে।

আৰক্ষীয়ে সদৰী কৰা মতে, ধৃত বাংলাদেশী নাগৰিক কেইজনে পৰ্যটকৰ ভিছা লৈ ভাৰতত প্ৰৱেশ কৰিছিল যদিও ধৰ্মৰ প্ৰচাৰ চলাই ভিছাৰ চৰ্ত স্পষ্টভাৱে উলংঘা কৰিছে। যাৰ বাবে বিদেশী আইন অনুসৰি আটাইকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আটক কৰা হয়।

শনিবাৰে সন্ধিয়া আটাইকেইজনক আদালতত হাজিৰ কৰোৱা হ’ব বুলিও বিশ্বনাথৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে।

ইফালে, বিশ্বনাথ আৰক্ষীয়ে ১৭ জন বাংলাদেশী নাগৰিকৰ সকলোৰে ভিছা বাতিল প্ৰক্ৰিয়া আৰম্ভ কৰিছে।