fbpx
অসমঅসমীয়া

পৰীক্ষাৰ সময়ত মোবাইল চুবলৈ নিদিয়াৰ বাবেই ঘৰৰ পৰা পলায়ন ২ কিশোৰীৰ

নিউজ ডেস্কঃ সন্মুখত পৰীক্ষা। কিন্তু অধ্যয়নতকৈ মোবাইলৰ প্ৰতিহে অধিক আসক্ত কিশোৰী দুগৰাকী।

সেইবাবে পিতৃ-মাতৃৰ পৰা প্ৰায়ে গালি শুনিবলগীয়া হয় কিশোৰী দুগৰাকীয়ে। এনে কাৰণতে ঘৰৰ পৰা পলায়ন কৰি এসপ্তাহধৰি সন্ধানহীন হৈ আছে কিশোৰী দুগৰাকী।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ ১ নং গৰৈবাৰী গাঁৱত। জানিব পৰা মতে, গাঁওখনৰ এগৰাকী নাৰ্জাৰী উপাধিৰ আৰু আন এগৰাকী বসুমতাৰী উপাধীৰ কিশোৰীয়ে মোবাইল ফোন চুবলৈ নিদিয়াৰ বাবেই ৫ জুনত ঘৰৰ পৰা পলায়ন কৰিছিল।

G5 4

কিশোৰী দুগৰাকীৰ সন্ধান আজিও লাভ কৰা নাই পৰিয়ালে।

বাতৰি অনুসৰি, ১নং গৰৈবাৰী গাঁৱৰ নৱম শ্ৰেণীত অধ্যয়নৰত ১৫ বছৰীয়া নাৰ্জাৰী উপাধিৰ আৰু উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত অধ্যয়নৰত ১৬ বছৰীয়া বসুমতাৰী উপাধিৰ কিশোৰী দুগৰাকীয়ে বিদ্যালয়লৈ যোৱাৰ নামত প্ৰায়ে ফাঁকি দিছিল।

আনহাতে পৰীক্ষাৰ সময়ত দুয়োগৰাকী কিশোৰীক মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ নিদিয়াৰ বাবেই দুয়োগৰাকী কিশোৰীয়ে ঘৰৰ পৰা পলায়ন কৰাৰ সন্দেহ কৰিছে পৰিয়ালে।

দুয়েোগৰাকী কিশোৰীৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে যদিও এতিয়াও কিশোৰী দুগৰাকীৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

কিশোৰী দুগৰাকীৰ সন্ধান পালে ৮৬৩৮৮৭২১৯৩ নম্বৰত ফোন কৰিবলৈ অথবা স্থানীয় থানাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

লগতে চাওকঃ

শােকাৱহ! খাদ্য নিগমৰ তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে অনুপ্ৰভা দাসক, হাস্পতালত মৃত্যু

G3 7

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!