পৰীক্ষাৰ নামত ইন্টাৰনেট কাটি দিয়া ভাৰতবৰ্ষৰ ভিতৰত অসমেই প্ৰথম ৰাজ্যঃ ৰিপুণ বৰা

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা।

ইতিমধ্যে ২১ আগষ্টত অনুষ্ঠিত হৈ যায় চতুৰ্থ বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা।

পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ কঠোৰ পদক্ষেপ।

আনকি পৰীক্ষা অনুষ্ঠিত দিন দুটাত আগবেলা দুঘণ্টা আৰু পিছবেলা দুঘণ্টাকৈ মুঠ চাৰিঘণ্টা ইণ্টাৰনেট বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

হোৱাটছএযোগে কোনেও প্ৰশ্নকাকত ভাইৰেল কৰিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ।

কিন্তু চৰকাৰৰ এই পদক্ষেপে ইণ্টাৰনেটৰ লগত জড়িত ব্যৱসায়ীসকলক যথেষ্ট ক্ষতি কৰিছে বুলি চৰ্চা চলিছে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

তেওঁ কয়- মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই চমক সৃষ্টি কৰিছে, কাৰ্য্যত একো কৰিব নাই। সকলো দিশতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ ব্যৰ্থ হৈছে। মহম্মদ বিন টোগলকৰ নিচিনাকৈ চৰকাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাই।

লগতে তেওঁ কয়- মোবাইল নেটৱৰ্ক বন্ধ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰিছে।পৰীক্ষাৰ নামত নেট কাটি দিয়া ভাৰতবৰ্ষৰ ভিতৰতে অসমেই প্ৰথম ৰাজ্য। দেশৰ জৰুৰীকালীন সংকটৰ সময়তহে ইন্টাৰনেট সেৱা কৰ্তন কৰিব পাৰে।

অসম লোকসেৱাৰ পৰীক্ষা পাতিলে কি ৰাজ্যত লক ডাউন দিব নেকি বুলিও চৰকাৰক প্ৰশ্ন কৰে ৰিপুন বৰাই।

লগতে ৰাইজৰ মৌলিক অধিকাৰ খৰ্ব কৰি ৰাইজক পনবন্দী কৰি ইন্টাৰনেট সেৱা কাটি দিয়াৰ অভিযোগ তোলে নেতাগৰাকীয়ে।