fbpx
অসম

পৰীক্ষাত উত্তীৰ্ণৰ বাবে সহায়ক পুথিৰ বিশেষ প্ৰয়োজন নাইঃ ৰক্তোৎপল শইকীয়া…

বহু প্ৰতিক্ষাৰ অন্ত পেলাই অৱশেষত ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

মঙলবাৰে পুৱা ১০ বাজৰ লগে লগে ঘোষণা কৰা হয় মেট্ৰিকৰ ফলাফল।

ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় উত্তৰ লখিমপুৰ ছেণ্টমেৰিজ হাইস্কুলৰ ছাত্ৰ ৰক্তোৎপল শইকীয়াই।

মুঠ ৫৯৭ নম্বৰ লাভ কৰে মেধাবী ছাত্ৰ ৰক্তোৎপল শইকীয়াই।

ইয়াৰ পাছতে সংবাদমাধ্যমৰ আগত মনৰ ভাব প্ৰকাশ কৰে ৰক্তোৎপলে।

ৰক্তোৎপলে কয়- প্ৰথমতে সকলোকে ধন্যবাদ জনাইছো। স্থান লাভ কৰিম বুলি আশা কৰিছিলো যদিও প্ৰথম হ’ব পাৰিম বুলি ভবা নাছিলো। প্ৰথমতেই ধন্যবাদ জনাব বিচাৰিছো মোৰ স্কুলখনক। স্কুলৰ সকলো শিক্ষক- শিক্ষয়ত্ৰীৰ লগতে সকলোকে ধন্যবাদ জনাইছো। তেওঁলোকৰ আশীৰ্বাদৰ বাবেই এই সফলতা লাভ কৰিলো। ইয়াৰ পিছতে মই ধন্যবাদ জনাইছো মোৰ পিতৃ-মাতৃক। তেওঁলোকে কেতিয়াও মোক হতাশ হ’বলৈ দিয়া নাই। প্ৰতিটো ক্ষেত্ৰতে মোক সহায় কৰি গৈছে। মোৰ টিউচন শিক্ষক আৰু পৰিয়াল, ৰাইজক ধন্যবাদ জনাইছো। তেওঁলোকে লকডাউনৰ সময়ত বিভিন্নধৰণে সহায় কৰিছিল।

আনহাতে তেওঁ পৰীক্ষাৰ পূৰ্বে কিদৰে অধ্যয়ন কৰিছিল সেই বিষয়ে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয়- মই নিতৌ নিৰ্দিষ্ট সময় লৈ পঢ়া নাছিলো। প্ৰথমে পঢ়াৰ সময়ৰ ক্ষেত্ৰত ১ ঘণ্টা, ২ ঘণ্টাকৈ বঢ়াই গ’লো। যেতিয়াই মন যায় তেতিয়াই পঢ়ো। মনযোগ বিচ্ছিন্ন হ’লেই পঢ়াৰ টেবুলৰ পৰা উঠি গৈছিলো।

লগতে পৰীক্ষাত উত্তীৰ্ণৰ বাবে সহায়ক পুথিৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰে ৰক্তোৎপলে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!