পৰিয়ালৰ সদস্যৰ নতুন চাকৰিৰ বাবে তীৰ্থ ভ্ৰমণলৈ গৈ পথ দুৰ্ঘটনাত নিঃশেষ হ’ল এটা পৰিয়াল

বহুজাতিক কোম্পানীত কন্যাই চাকৰি লাভৰ আনন্দত পঞ্চকুলাৰ মাতা মনসা দেৱীৰ মন্দিৰত মূৰ দোঁৱাবলৈ গৈছিল পৰিয়ালটোৱে। কিন্তু উভতি অহাৰ সময়ত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লবলগীয়া হল মাতৃ-কন্যাই।

জানিব পৰা মতে, দেওবাৰে নিশা পঞ্জাৱৰ পাটিয়ালা-চাংৰুৰ পথৰ ভাখৰা খালত নিয়ন্ত্ৰণ হেৰুৱাই এটা পৰিয়ালে যাত্ৰা কৰি থকা এখন চুইফ্ট গাড়ী বাগৰি পৰে।

এই দুৰ্ঘটনাৰ মাতৃ আৰু জ্যেষ্ঠ কন্যাৰ মৃত্যু ঘটাৰ লগতে পৰিয়ালৰ বাকী তিনিজন সদস্য সন্ধানহীন হৈ আছে।

u1

উল্লেখ্য যে, বাহনখনৰ ভিতৰত আছিল বাথিণ্ডাৰ ৰামপুৰা ফুলৰ নিবাসী জচবিন্দৰ কুমাৰ (৫২), তেওঁৰ পত্নী নীলম গাৰ্গ (৫০), দুই কন্যা সমীতা গাৰ্গ (২৬) আৰু ঈশা গাৰ্গ (২৪) আৰু পুত্ৰ পিৰু গাৰ্গ (৯)।

জানিব পৰা মতে, মাত্ৰ কিছুদিন পূৰ্বে সমীতা গাৰ্গে এটা বহুজাতিক কোম্পানীত ৮.৫ লাখ টকা পেকেজৰ চাকৰি লাভ কৰিছিল।

জ্যেষ্ঠ কন্যাৰ চাকৰি লাভৰ আনন্দত দেওবাৰে সপৰিয়ালে পঞ্চকুলাৰ মাতা মনসা দেৱী মন্দিৰলৈ আহিছিল জচবিন্দৰ কুমাৰ।

555-copy

কিন্তু উভতি অহাৰ পথত তেওঁলোকৰ তীব্ৰবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পাটিয়ালা-চাংৰুৰ পথৰ পাচিয়ানা দলঙৰ ওচৰত ভাখৰা খালত বাগৰি পৰে।

এজন প্ৰত্যক্ষদর্শীয়ে খালত গাড়ীখন ডুব যোৱা প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়াত দিনৰ প্ৰায় ১২ বজাত ডুবাৰু বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল।

কিন্তু ঘন কুঁৱলী আৰু ঠাণ্ডাৰ বাবে ডুবাৰু বাহিনীয়ে ডুব যোৱা বাহনখনৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়।

সোমবাৰে পুৱা প্ৰায় ৮ বজাত পুনৰ ডুবাৰু বাহিনীয়ে অভিযান চলোৱাত বাহন খনৰ লগতে মাতৃ নীলম গাৰ্গ আৰু জ্যেষ্ঠ কন্যা সমীতা গাৰ্গৰ মৃতদেহ উদ্ধাৰ হয়। অৱশ্যে এতিয়াও পৰিয়ালটোৰ আন তিনিজন সদস্য সন্ধানহীন হৈ আছে।

আৰক্ষীয়ে ধাৰা ১৭৪ চিআৰপিচিৰ অধীনত এটা গোচৰ ৰুজু কৰিছে আৰু অভিযান অব্যাহত ৰাখিছে। সংশ্লিষ্ট আৰক্ষী থানা পাচিয়ানাৰ ভাৰপ্ৰাপ্ত বিষয়া অংকুৰদীপ সিঙে জানিবলৈ দিয়া মতে, বাহনখনৰ পঞ্জীয়ন নম্বৰৰ জৰিয়তে জচবিন্দৰ কুমাৰ আত্মীয়ক দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰা হয়।

জচবিন্দৰ কুমাৰৰ ভাতৃ ৰজিন্দৰ কুমাৰৰ মতে, জীয়ৰী সমীতা গাৰ্গে বাথিণ্ডাৰ এটা বহুজাতিক কোম্পানীত ৮.৫ লাখৰ পেকেজত নিযুক্তি লাভ কৰিছিল। এই আনন্দতে দেওবাৰে প্ৰথমে ঘৰত এক ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। তাৰ পিছত পৰিয়াটোৱে মূৰ দোঁৱাবলৈ পঞ্চকুলাৰ মাতা মনসা দেৱী মন্দিৰলৈ যায়।

আনহাতে ৰজিন্দৰ কুমাৰে জানিবলৈ দিয়া মতে তেওঁৰ ভাতৃ অৰ্থাৎ জচবিন্দৰ কুমাৰে প্ৰায়ে নিজৰ কন্যা সকলক গাড়ী চলাবলৈ এৰি দিছিল। তেনে এক পৰিপ্ৰেক্ষিততে এই শোকাবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে ৰজিন্দৰ কুমাৰে।

লগতে চাওকঃ পানী গৰম কৰা বৈদ্যুতিক ৰডৰ বাবেই ঘটিল এক শােকাৱহ ঘটনা…

g1

লগতে চাওকঃ উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ অসম সচিবালয়ৰ কৰ্মচাৰী সীমা দেৱী…

g7

Leave a Comment