পৰিয়ালৰ মুৰব্বীৰ চিকিৎসা কৰি ঘৰলৈ উভতাৰ পথতে নিঃশেষ হ’ল এটা পৰিয়াল

অসুস্থ পিতৃৰ চিকিৎসা কৰি ঘৰলৈ উভতিছিল এটা পৰিয়াল। কিন্তু নিমিষতে নিয়তিয়ে নি:শেষ কৰি পেলালে গোটেই পৰিয়ালটো।

এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ভিলৱাৰা জিলাৰ ৰাইলা অঞ্চলত।

বুধবাৰে এখন তীব্ৰবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ ভাঙি বিপৰীত দিশৰ পৰা আহি থকা এখন বাহনত খুন্দা মাৰে। যাৰ ফলত বাহন খনৰ ভিতৰত থকা একেটা পৰিয়ালৰ ৪ সদস্যই কৰুণ মৃত্যুক আঁকোৱালি লবলগীয়া হয়।

256

বাতৰি অনুসৰি, ৰাজমানচান্দ জিলাৰ ৰেলমাগ্ৰাৰ অমৰপুৰা নিবাসী পৰিয়ালটোৱে অসুস্থ পিতৃৰ চিকিৎসা কৰি জয়পুৰৰ পৰা ঘৰলৈ উভতিছিল।

সেই সময়তে বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকে পথৰ মাজৰ ডিভাইডাৰ ভাঙি তেওঁলোকৰ বাহনত খুন্দা মাৰে।

ট্ৰাকৰ খুন্দাত পৰিয়ালটোৱে যাত্ৰা কৰা বাহনখন টুকুৰা টুকুৰ হৈ পথৰ চৌদিশে চিটিকি পৰে।

দুৰ্ঘটনাত প্ৰতাপ গাদ্ৰী, তেওঁৰ পত্নী চোহনী গাদ্ৰী আৰু পুত্ৰ দেৱী লালৰ লগতে পৰিয়ালৰ আন এজন সদস্য নিহত হয়।

89

ইফালে দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰাৰ লগতে চিনাক্তকৰণ কৰি পৰিয়ালক খবৰ দিয়ে।

আনহাতে মুখ্যমন্ত্ৰী অশোক গেহলটেও ঘটনাটোৰ প্ৰতি টুইট যোগে শোক প্ৰকাশ কৰিছে।

তেওঁ টুইট কৰি কয়, “ভিলৱাৰাৰ ৰাইলা অঞ্চলত সংঘটিত এক পথ দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু অতি দুখজনক। মোৰ সমবেদনা শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি আছে। ঈশ্বৰে এই কঠিন সময়ত তেওঁলোকক শক্তিশালী কৰক আৰু বিদেহী সকলৰ আত্মাক চিৰশান্তি প্ৰদান কৰক।”

লগতে চাওকঃ

সংগীৰ মৃত্যুত দিশহাৰা এটি ময়ূৰ, ভিডিঅ’ চাই আৱেগিক হ’ব আপুনিও…

g3

Leave a Comment