fbpx
অসমীয়াৰাষ্ট্ৰীয়

পয়গম্বৰ হজৰত মহম্মদক অপমান! বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নূপুৰ শৰ্মাক ৬ বছৰৰ বাবে দলৰ পৰা নিলম্বন

নিউজ ডেস্কঃ পয়গম্বৰ হজৰত মহম্মদক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগত দলৰ পৰা ৬ বছৰৰ বাবে নিলম্বন কৰা হ’ল বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নূপুৰ শৰ্মাক।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে প্ৰকাশ কৰা বিবৃতিত বিজেপি নেত্ৰীগৰাকীক দলৰ পৰা নিলম্বন কৰাৰ কথা উল্লেখ কৰা হৈছে।

image 63
নূপুৰ শৰ্মা

আনহাতে হজৰত মহম্মদক লৈ অপমানজনক মন্তব্য কৰাৰ পিছত নূপুৰ শৰ্মাৰ সমৰ্থনত টুইট কৰা দিল্লী বিজেপিৰ মুখপাত্ৰ নবীন জিন্দালকো দলে নিলম্বন কৰাৰ কথা ঘোষণা কৰিছে।

এক বিবৃতিত অৰুণ সিঙে কয় যে বিজেপিয়ে সকলো ধৰ্মকে সন্মান কৰে। স্বাধীনতাৰ ৭৫ সংখ্যক বছৰত এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱ ক্ৰমাগতভাৱে শক্তিশালী হৈ আহিছে। বিজেপিৰ প্ৰথম অগ্ৰাধিকাৰ অখণ্ড ভাৰত আৰু উন্নয়ন। দলে ইয়াৰ বাবে নিৰন্তৰভাৱে কাম কৰি আছে যাতে দেশৰ ঐক্য অটুট থাকে।

image 64
নবীন জিন্দাল

দলটোৱে জাৰি কৰা বিবৃতিটোত আৰু কোৱা হৈছে যে ভাৰতৰ হাজাৰ হাজাৰ বছৰৰ ইতিহাসত প্ৰতিটো ধৰ্মই জিলিকি আছে। যিকোনো ধৰ্মৰ যিকোনো ধৰ্মীয় ব্যক্তিক অপমান কৰাক বিজেপিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে। যিকোনো পন্থা বা ধৰ্মক অপমান কৰা মতাদৰ্শৰ তীব্ৰ বিৰোধী বিজেপি। বিজেপিয়ে এনে কোনো মতাদৰ্শৰ প্ৰচাৰ নকৰে।

উল্লেখ্য যে, এক টিভি ডিবেটত বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মাই পয়গম্বৰ হজৰত মহম্মদক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে বিজেপি নেত্ৰীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিভিন্ন মুছলমান সংগঠন আৰু বিৰোধী। তেওঁৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ লগতে আন কেইবাখনো ৰাজ্যতো গোচৰ ৰুজু কৰা হয়।

আনহাতে বিজেপি নেত্ৰীগৰাকীয়ে তেওঁৰ মন্তব্য এডিট কৰি বিকৃত কৰাৰ অভিযোগ কৰিছে। তদুপৰি সামাজিক মাধ্যমত তেওঁক ধৰ্ষণ আৰু হত্যাৰ ভাবুকি প্ৰদান কৰা বুলিও অভিযোগ তোলে নূপুৰ শৰ্মাই।

লগতে চাওকঃআপােনাৰ সাপ্তাহিক ৰাশিফল

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!