fbpx
অসম

প্ৰবল ইচ্ছাশক্তি! ৭৬ বছৰ বয়সত স্নাতক ডিগ্ৰী লাভ কৰিলে চন্দ্ৰপ্ৰভা আইতাই, স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰো আশা…

প্ৰবল ইচ্ছাশক্তি আৰু একাগ্ৰতা থাকিলে বয়সে কেতিয়াও জীৱনত হেঙাৰ হ’ব নোৱাৰে।

তাকেই যেন পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে গুৱাহাটীৰ এগৰাকী আইতাই।

জীৱনত ৭৬ বছৰ বয়সত স্নাতক ডিগ্ৰী লাভ কৰিলে গুৱাহাটীৰ চন্দ্ৰ প্ৰভা শইকীয়া আইতাই।

মহানগৰীৰ ভেটাপাৰা নিৱাসী চন্দ্ৰপ্ৰভা আইতাই ভাটি বয়সত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত সম্পন্ন কৰিছে স্নাতক ডিগ্ৰী।

বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে ৫৪ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হৈছে আইটাগৰাকী।

কেৱল স্নাতক ডিগ্ৰী লাভ কৰিয়ে থমকি নৰয় চন্দ্ৰপ্ৰভা আইতাই। এইবাৰ স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ মন মেলিছে আইতাগৰাকীয়ে।

১৯৬৯ চনত এতিয়াৰ উচ্চতৰ মাধ্যমিক তেতিয়াৰ পি ইউ পাছ কৰাৰ পিছত আধাতে শিক্ষা সমাপ্ত কৰিছিল চন্দ্ৰপ্ৰভা শইকীয়াই।

স্বামীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পুনৰ ২০১৯ বৰ্ষত নামভৰ্তি কৰিছিল স্নাতক পাঠ্যক্ৰমত। তিনি বছৰ পাঠ্যক্ৰমৰ পিছত ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ঘোষণা হোৱা ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হয় আইতাগৰাকী।

ইপিনে চন্দ্ৰপ্ৰভা আইতাৰ স্বামী কৰ্কট ৰোগত আক্ৰান্ত। স্বামীৰ স্বাস্থ্যৰ যনত লোৱাৰ সমান্তৰালকৈ আইতাই চলাই গৈছিল পঢ়া-শুনা।

তাৰে মাজতে পৰীক্ষাৰ পূৰ্বে ২০২২ বৰ্ষৰ ৯ নৱেম্বৰত বিয়োগ ঘটিছিল স্বামীৰ। তথাপি থমকি ৰোৱা নাছিল আইতা। ২৪ ডিচেম্বৰৰ পৰা অৱতীৰ্ণ হৈছিল পৰীক্ষাত। দৈনিক তিনিৰ পৰা চাৰি ঘণ্টা সময় উলিয়াই পঢ়া-শুনা কৰি অৱশেষত ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় চন্দ্ৰপ্ৰভা শইকীয়াই।

Related Articles

Back to top button