fbpx
অসম

প্ৰৱঞ্চনাৰ অভিযোগ উঠা SI জোনমণি ৰাভাক তাৎক্ষণিক ভাৱে বদলি

প্ৰৱঞ্চনাৰ অভিযোগ উঠা SI জোনমণি ৰাভাক তাৎক্ষণিক ভাৱে বদলি।

জোনমণিৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগৰ আঙুলি উত্থাপন হোৱাৰ পিছতে নগাঁৱৰ পৰা কলিয়াবৰলৈ তাৎক্ষণিকভাৱে বদলি কৰা হৈছে জোনমণি ৰাভাক।

উল্লেখ্য যে যোৱা ৪ মে’ত নগাঁও আৰক্ষীয়ে প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল মাজুলীৰ যুৱক ৰাণা প’গাগক। এই ৰাণা প’গাগৰ সৈতে আছিল এছ আই জোনমণি ৰাভাৰ সম্পৰ্ক। দুয়োৰে বিয়া হোৱাৰ কথা আছিল।

photo1652258252

ৰাণা প’গাগে নিজকে অইলৰ বিষয়া বুলি ভুৱা পৰিচয় দিয়া বুলি পৰৰৱৰ্তী সময়ত জোনমণিয়ে ভাৱি স্বামী ৰাণাক জে’ললৈ প্ৰেৰণ কৰিছিল।

ৰাণাৰ বিৰুদ্ধে উত্থাপিত হৈ আছিল বহুতকে প্ৰৱঞ্চনা কৰাৰ অভিযোগ। ইয়াৰ মাজতে ৰাণা জ’ললৈ যোৱাৰ পিছত এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে উত্থাপিত হৈছে প্ৰৱঞ্চনাৰ গোচৰ।

প্ৰৱঞ্চনাৰ বলি হোৱা মাজুলীৰ অৱতাৰ শৰ্মা আৰু অজিত বৰা নামৰ দুগৰাকী ঠিকাদাৰে জোনমণিৰ বিৰুদ্ধে উত্থাপন কৰিছে প্ৰৱঞ্চনাৰ গোচৰ।

জোনমণি আৰু প্ৰৱঞ্চিত ঠিকাদাৰৰ মাজত মোবাইলত হোৱা ধনৰ লেনদেনৰ এক কল ৰেকৰ্ডিঙো ভাইৰেল হৈ পৰিছিল।

এনে অভিযোগ, বিতৰ্কৰ মাজতে বৃহস্পতিবাৰে তাৎক্ষণিকভাৱে নগাঁৱৰ পৰা বদলি কৰা জোনমণি ৰাভাই কলিয়াবৰত যোগদান কৰিছে।

লগতে চাওকঃ

SI জােনমণি ৰাভাৰ বিৰুদ্ধে গােচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ নগাঁৱৰ SPৰ, ক’লে এই কথা…

750

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!