প্ৰৱঞ্চক মৃদুপৱন নেওগৰ টেলিফোনিক ভাষ্যৰ পিছতে তৎপৰ আৰক্ষী, দুই যুৱকক আটক…

হঠাৎ সম্বিৎ ঘূৰাই পাইছে অসম আৰক্ষীয়ে!

মৃদুপৱনৰ টেলিফোনিক ভাষ্যৰ পিছতে তৎপৰ নগাঁও আৰক্ষী।

মৃদুপৱনক আশ্ৰয় দিয়াৰ সন্দেহত শিৱসাগৰৰ পৰা দুই যুৱকক আটক আৰক্ষীৰ।

মৃদুপৱন নেওগৰ সন্ধানত শিৱসাগৰত নগাঁও আৰক্ষীয়ে শিৱসাগৰৰ আমগুৰিত অভিযান চলায়।

নগাঁও আৰক্ষীয়ে আটক কৰা যুৱক দুজন হৈছে ৰক্তিম গগৈ আৰু অভিজিৎ গগৈ।

মৃদুপৱনক আশ্ৰয় দিয়াৰ সন্দেহত আটক কৰা হৈছে দুয়োকে।

বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাত জেৰা চলোৱা হৈছে দুয়োকে।

Leave a Comment