প্ৰয়োজনত জুবিনক এয়াৰ এম্বুলেঞ্চেৰে দিল্লীলৈ নিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ, জুবিনৰ স্বাস্থ্যৰ শেহতীয়া খবৰ…

অসুস্থ হৈ পৰা জুবিন গাৰ্গ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
জুবিনে যাতে সকলো ধৰণৰ উন্নত চিকিৎসা সেৱা লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈ ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰয়োজনত জুবিন গাৰ্গক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী বা ৰাজ্যৰ বাহিৰলৈও এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে নিয়াৰ ব্যৱস্থা কৰিবলৈও স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ্য যে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত ৰিজ’ৰ্টৰ বাথৰুমত ঢলি পৰা জুবিনে মূৰত আঘাত পাইছে।
তেওঁৰ মূৰত ৫ টাকৈ চিলাই পৰা বুলি জানিব পৰা গৈছে।
হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে তেওঁক বৰ্তমান আই চি ইউত ৰখা হৈছে।
অৱশ্যে ভাল খবৰ এয়াই যে আঘাত পালেও যথেষ্ট সুস্থ হৈ আছে জুবিন।
দেওবাৰে জোনাইত সংগীতানুষ্ঠান আছিল জুবিনৰ । যাত্ৰা পথত ৰিজৰ্টখনত জিৰণি লৈছিল জুবিন।
চিকিৎসকৰ মতে ডিহাইড্ৰেশ্যনত ভুগিছিল জুবিনে। মূৰত চিলাই পৰিলেও গুৰুতৰ আঘাত পোৱা নাই। কিছু সময় পাছত আহিব ব্লাড ৰিপৰ্ট।
জুবিনৰ চিটি স্কেন কৰা হৈছে। তেওঁৰ চিটি স্কেনত কোনো ধৰণৰ বিসংগতি নাই বুলি চিকিৎসকৰ মন্তব্য।
জুবিনৰ স্বাস্থ্য সন্দৰ্ভত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে কয়- চিন্তাৰ কাৰণ নাই। এগৰাকী অতিৰিক্ত উপায়ুক্ত আৰু ডিব্ৰুগড় স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে চিকিৎসালয়ত গৈ সকলো তদাৰক কৰি আছে। বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুসৰি চিকিৎসা চলি আছে। আই চি ইউত থকা জুবিনক চেলাইন দিয়া হৈছে।