প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ বাসগৃহত CBIৰ অভিযান, পুত্ৰক আটক…

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ বাসগৃহত CBIৰ অভিযান।

 গুৱাহাটীস্থিত সৰুমতৰিয়াৰ বাসগৃহত চলে CBIৰ অভিযান।

পুত্র অশোক শইকীয়াক বিচাৰি অভিযান চলাই চিবিআইয়ে।

এছকাৰ্ড বেংকৰ ঋণ কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত এই অভিযান।

দুটাকৈ গোচৰ আছিল অশোক শইকীয়াৰ বিৰুদ্ধে।

202/1998 নম্বৰত এই সম্পৰ্কত পল্টন বজাৰ থানাত ৰুজু হৈছিল গোচৰ।

২০০১ত CBI লৈ হস্তান্তৰ হৈছিল এই গোচৰ।

CBIৰ কলকাতা শাখাত 5/E/2001 আৰু 6/E/2001 নম্বৰত গোচৰ ৰুজু।

২০১৩ ত 6/E/2001 গোচৰত দোষী সাব্যস্ত হৈছিল অশোক শইকীয়া।

আদালতত পুনৰ আপীল কৰি পলাতক হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ অশোক শইকীয়া।

তাৰপিছতে আজি আটক কৰা হয় অশোক শইকীয়াক।

অভিযানকাৰী CBIৰ দলৰ সৈতে আছে দিছপুৰ আৰক্ষী।

Leave a Comment