প্ৰেৰণাদায়ক! ১২৫ বছৰীয়া বৃদ্ধই ল’লে ক’ভিডৰ দুয়ো পালি ভেকচিন, দেশৰ আটাইতকৈ বৃদ্ধ ব্যক্তি বুলি দাবী স্বাস্থ্য বিভাগৰ…

১২৫ বছৰীয়া বৃদ্ধই গ্ৰহণ কৰিলে দুয়ো পালি প্ৰতিষেধক, প্ৰতিষেধক গ্ৰহণ কৰা দেশৰ আটাইতকৈ বৃদ্ধ ব্যক্তি বুলি দাবী স্বাস্থ্য বিভাগৰ

বৰ্তমানেও কোৰোনা ভাইৰাছৰ বিৰুদ্ধে টিকাকৰণ অভিযান সমগ্ৰ দেশতে অব্যাহত আছে। আনহাতে এতিয়াও কিছুমান ঠাইত মানুহে বিভ্ৰান্তি বা অন্যান্য কাৰণত ভেকছিন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে।

কিন্তু তেনে সময়তে এনে কিছুমান খবৰ পোহৰলৈ আহে, যিয়ে আনক ভেকছিন ল’বলৈ অনুপ্ৰাণিত কৰে।

এইবাৰ তেনে এক খবৰ আহিছে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা। য’ত ১২৫ বছৰীয়া এজন বৃদ্ধই গ্ৰহণ কৰিলে কোৰোনাৰ দুয়ো পালি প্ৰতিষেধক।

জানিব পৰা মতে, ১২৫ বছৰীয়া স্বামী শিৱানন্দে এই সপ্তাহৰ আৰম্ভণিতে বাৰাণসীত টিকাকৰণৰ সময়ত দ্বিতীয় পালি ভেকছিন গ্ৰহণ কৰে।

স্বাস্থ্য বিভাগে দাবী কৰে যে দুয়োটা পালি গ্ৰহণ কৰা তেওঁৱেই দেশৰ আটাইতকৈ বৃদ্ধ ব্যক্তি।

ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ সাৰিকা ৰায়ে কয় যে স্বামী শিৱানন্দ যোৱা কেইবা বছৰ ধৰি কাশীত বাস কৰি আহিছে। তেওঁক ৯ জুনত প্ৰথম পালি প্ৰতিষেধক দিয়া হৈছিল।

স্বাস্থ্য কৰ্মীসকলে তেওঁৰ আধাৰ কাৰ্ডখন দেখি আচৰিত হৈছিল, যেতিয়া তেওঁলোকে তেওঁৰ জন্মৰ তাৰিখ ১৮৯৬ চনৰ ৮ আগষ্টত দেখিছিল।

স্বাস্থ্য বিভাগে কয় যে, বাৰাণসীৰ স্বামী শিৱানন্দ বয়সতকৈও অধিক শক্তিশালী। তেওঁ এতিয়াও ১২৫ বছৰ বয়সত যথেষ্ট ফিট হৈ আছে।

মূলতঃ বংগৰ শ্ৰীহত্ত জিলাৰ স্বামী শিৱানন্দে প্ৰায় ৪০ বছৰ ধৰি বাৰাণসীৰ ভেলুপুৰৰ কবীৰ নগৰ কলনীত বাস কৰি আহিছে। শিৱানন্দই মুখ্যমন্ত্ৰী কাৰ্যালয় চৌহদৰ দুৰ্গাকুণ্ড নগৰ সম্প্ৰদায় স্বাস্থ্য কেন্দ্ৰত প্ৰতিষেধক গ্ৰহণ কৰিছিল।

টিকাকৰণৰ প্ৰতি তেওঁৰ আগ্ৰহক কেৱল স্বাস্থ্য কৰ্মীয়েই প্ৰশংসা কৰা নাছিল, লগতে এক প্ৰেৰণাদায়ক পদক্ষেপ হিচাপেও সকলোৱে প্ৰশংসা কৰিছিল।

প্ৰতিষেধক গ্ৰহণ কৰি স্বামী শিৱানন্দই কয় যে তেওঁৰ দীৰ্ঘ জীৱনৰ ৰহস্য হৈছে যোগ। তেওঁ প্ৰতিদিনে যোগাভ্যাস কৰে আৰু তেল আৰু মচলা অবিহনে খাদ্য খায়।

তেওঁৰ এজন সংগীয়ে জনোৱা অনুসৰি স্বামী শিৱানন্দ অকলে থাকে, তেওঁ এতিয়াও স্বাস্থ্যৱান আৰু তেওঁৰ কোনো ৰোগ নাই।

উল্লেখ্য যে শেহতীয়াকৈ কেৰালাত ২৩০০ শিক্ষক আৰু ৩০০ কৰ্মচাৰীয়ে ধৰ্মীয় কাৰণ উল্লেখ কৰি ভেকছিন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা বুলি বাতৰি প্ৰকাশ পাইছে। একে সময়তে চৰকাৰে তেওঁলোকক ৰেহাই দিয়াক লৈ বিতৰ্ক চলি আছে।

Leave a Comment