
নিউজ ডেস্কঃ মডেলিং জগতখনত এক সুপৰিচিত নাম আছিল সুন্দৰী যুৱতীগৰাকী।
২০১৬ চনত মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগীও আছিল।
সফলতাৰ এনে উচ্চ শিখৰ স্পৰ্শ কৰাৰ পিছতো তেওঁ যেন বিচাৰি পোৱা নাছিল নিজৰ লক্ষ্য।
যাৰ বাবে প্ৰশাসনিক বিষয়া হোৱাৰ মন মেলি এদিন তেওঁ প্ৰস্তুতি আৰম্ভ কৰিছিল ভাৰতৰ আটাইতকৈ কঠিন প্ৰশাসনিক পৰীক্ষা ইউপিএছচিৰ বাবে।

আৰু প্ৰথমে প্ৰচেষ্টাত সফলতা অৰ্জন কৰি আজি আইএএছ বিষয়া হিচাপে কৰ্তব্য নিৰ্বাহ কৰি আছে এসময়ৰ সুন্দৰী মডেল গৰাকীয়ে।
তেওঁৰ এই সাফল্যৰ কাহিনীয়ে আজি অনুপ্ৰানিত কৰি আহিছে আন বহু যুৱক-যুৱতীক।
তেওঁৰ নাম হৈছে- ঐশ্বৰ্য শ্বেওৰান।
মিছ ইণ্ডিয়া ২০১৬ৰ চূড়ান্ত প্ৰতিযোগী ঐশ্বৰ্যই ২০১৮ চনত ইউপিএছচিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি প্ৰথম প্ৰচেষ্টাতে সফলতা অৰ্জন কৰে।
ইউপিএছচি পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত তেওঁৰ ৰেংক আছিল ৯৩।

উল্লেখ্য যে, দিল্লীৰ চাণক্যপুৰীৰ সাংস্কৃতিক বিদ্যালয়ৰ পৰা বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰিছিল ঐশ্বৰ্য শ্বেওৰানে।
ঐশ্বৰ্যই দ্বাদশ শ্ৰেণীত ৯৭.৫ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়ৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছিল।
পৰৱৰ্তী সময়ত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰী ৰাম কলেজ অৱ কমাৰ্চৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।
সৰুৰে পৰাই ভাৰতীয় সেনা বিষয়া হোৱাৰ সপোন দেখা ঐশ্বৰ্য শ্বেওৰানে কাকতালীয়ভাৱে সোমাই পৰে মডেলিং জগতখনত।

২০১৪ চনত তেওঁ মিছ ক্লিন এণ্ড কেয়াৰ ফ্ৰেছ ফেচ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ২০১৫ চনত মিছ দিল্লী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ৰ মুকুট পৰিধান কৰে।
২০১৬ চনত তেওঁ মিছ ইণ্ডিয়াৰ চূড়ান্ত প্ৰতিযোগী হিচাপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
সাধাৰণতে মডেলিং জগতখনৰ লগত জড়িত সকললৈ চিনেমাৰ পৰাও অফাৰ আহে। তেনে অফাৰ আহিছিল ঐশ্বৰ্য শ্বেওৰানলৈও।

তেতিয়া সফলতাৰ শিখৰত আৰোহণ কৰিছিল সুন্দৰী শ্বেওৰানে।
কিন্তু সেই সফলতাত সন্তুষ্ট হোৱাৰ পৰিৱৰ্তে তেওঁ সৰুৰে পৰাই দেখি হোৱা সপোনটোকহে অগ্ৰাধিকাৰ দিয়ে আৰু ২০১৮ চনত ইউপিএছচিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে।
কোনো কোচিং ক্লাছত অংশগ্ৰহণ নকৰাকৈয়ে কেৱল পৰিশ্ৰম আৰু মেধাৰ বলত প্ৰথম প্ৰচেষ্টাতে সফলতা অর্জন কৰে ঐশ্বৰ্য শ্বেওৰানে।