প্ৰেৰণাদায়ক! IAS বিষয়া স্বামীতকৈও অধিক টকা উপাৰ্জন কৰা কোন এই ইউটিউবাৰ শ্ৰুতি শিৱা…

নিউজ ডেস্কঃ নিষ্ঠা, একাগ্ৰতা আৰু অধ্যাৱসায় থাকিলে নিজৰ পচন্দৰ কামটোকো পেছা হিচাপে গ্ৰহণ কৰিব পাৰি।

বৰ্তমানৰ ডিজিটেল যুগত এনে অনেক লোক আছে, যিয়ে নিজৰ পচন্দৰ কামটোকে কৰি উপভোগ কৰিবলৈ সক্ষম হৈছে এটা স্বচ্ছন্দ জীৱন।

বিশেষকৈ ইউটিউব, ইনষ্টাগ্ৰামত কণ্টেন্ট ক্ৰিয়েটৰ হিচাপে এতিয়া অনেকেই মোটা অংকৰ ধন উপাৰ্জন কৰি বিলাসী জীৱন যাপন কৰিবলৈ সক্ষম হৈছে।

তেনে এগৰাকী ইউটিউবাৰেই হৈছে শ্ৰুতি শিৱা।

image 178
প্ৰেৰণাদায়ক! IAS বিষয়া স্বামীতকৈও অধিক টকা উপাৰ্জন কৰা কোন এই ইউটিউবাৰ শ্ৰুতি শিৱা… 4

উত্তৰ প্ৰদেশৰ মীৰাটৰ নিৱাসী এইগৰাকী ইউটিউবাৰে নিজৰ পচন্দৰ কামটোকে কৰি আজি হৈ পৰিছে লাখপতি।

শ্ৰুতি শিৱাই নিজেই এক সাক্ষাৎকাৰত জনোৱা মতে, তেওঁ আজি মাহিলী তেওঁৰ আইএএছ বিষয়া স্বামীৰ দৰমহাতকৈও অধিক টকা উপাৰ্জন কৰে।

মাত্ৰ দুই বছৰ পূৰ্বে ইউটিউব আৰু ইনষ্টাগ্ৰাম জগতত ভৰি দিছিল শ্ৰুতিয়ে। মূলতঃ কবিতামূলক কণ্টেন্ট ক্ৰিয়েট কৰা শ্ৰুতিৰ ইনষ্টাগ্ৰাম আৰু ইউটিউবত যথেষ্ট সংখ্যক ফল’ৱাৰ্ছ নাথাকিলেও ব্ৰেণ্ড মাৰ্কেটিঙৰ জৰিয়তে প্ৰতিমাহে উপাৰ্জন কৰে লক্ষাধিক টকা।

image 179
প্ৰেৰণাদায়ক! IAS বিষয়া স্বামীতকৈও অধিক টকা উপাৰ্জন কৰা কোন এই ইউটিউবাৰ শ্ৰুতি শিৱা… 5

উল্লেখ্য যে, মূলতঃ উত্তৰাখণ্ডৰ কোটদ্বাৰৰ বাসিন্দা শ্ৰুতি শিৱাই আমেৰিকাৰ দক্ষিণ ফ্ল’ৰিডাৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।

বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তে তেওঁৰ পৰিচয় ঘটিছিল অভিষেক পাণ্ডেৰ সৈতে।

অভিষেক পাণ্ডেয়ে উত্তৰ প্ৰদেশৰ আইএএছ বিষয়া হিচাপে যোগদান কৰাৰ পিছত আৰু শ্ৰুতিয়ে স্নাতকোত্তৰ শিক্ষা সাং কৰাৰ পাছত দুয়োজনে ২০২০ চনত বিবাহ পাশত আৱদ্ধ হয়।

image 180
প্ৰেৰণাদায়ক! IAS বিষয়া স্বামীতকৈও অধিক টকা উপাৰ্জন কৰা কোন এই ইউটিউবাৰ শ্ৰুতি শিৱা… 6

শ্ৰুতিয়ে অধ্যয়নৰ সমান্তৰালভাৱে ভাল পাইছিল কবিতা চৰ্চা কৰি। যাৰ বাবে বিয়াৰ পিছত স্বামী অভিষেকেই শ্ৰুতিক ইউটিউবত নিজৰ কবিতাৰ ভিডিঅ’ পোষ্ট কৰিবলৈ পৰামৰ্শ দিছিল।

আৰু সেয়াই আছিল আৰম্ভণি। তাৰ পিছত আজি কবিতামূলক ভিডিঅ’ পোষ্ট কৰিয়েই ইউটিউব আৰু ইনষ্টাগ্ৰামৰ ভাৰ্চুৱেল জগতখনত এটা পৰিচিত নাম হৈ পৰিছে শ্ৰুতি শিৱা।