নিউজ ডেস্কঃ সাধাৰণতে ভাৰতৰ দৰে এখন দেশত বিয়া মানেই এগৰাকী যুৱতীৰ সপোনৰ শেষ অধ্যায় স্বৰূপ।
বিয়াৰ পিছত সংসাৰ, পৰিয়ালৰ দায়িত্বই নিজৰ সপোনৰ কথা চিন্তা কৰাৰ অৱকাশ নিদিয়ে যুৱতীসকলক।
কিন্তু তাৰ মাজতো এনে বহু মহিলাও আছে, যিয়ে পৰিয়ালৰ সমস্ত দায়িত্ব পালনৰ মাজতো নিজৰ সপোনটো এবাৰলৈও হ’লেও জুকিয়াই চাবলৈ সক্ষম হৈছে।
আৰু তেনে মহিলাৰ সাফল্যই অনুপ্ৰাণিত কৰি আহিছে আন বহু মহিলা-যুৱতীকো।
ৰাজস্থানৰ বৰমেৰৰ নিৱাসী হেমলতা জাখৰৰ বিয়া হৈছিল ১৭ বছৰ বয়সতে।
বিয়াৰ পিছত স্বামী, সন্তান, শহুৰ-শাহু আৰু কৃষক স্বামীৰ খেতি পথাৰৰ কাম কাজতে ব্যস্ত হৈ পৰিছিল হেমলতা।
কিন্তু এই সকলো ব্যস্ততা আৰু দায়িত্ববোধৰ মাজতো এটা সপোনৰ পিছত দৌৰিছিল হেমলতা জাখৰ।
সৰু থাকোতেই খাকী পোছাক পিন্ধা আৰক্ষীক দেখি নিজেও আৰক্ষী বিষয়া হোৱাৰ সপোন দেখিছিল হেমলতাই।
কিন্তু গ্ৰাম্য পৰম্পৰা পালন কৰি শিক্ষা সাং নৌহওতেই হেমলতাক বিয়া দি ঘৰৰ পৰা উলিয়াই দিয়ে পিতৃ-মাতৃয়ে।
অৱশ্যে বিয়াৰ পিছত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত স্বামীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিছিল হেমলতাই।
স্বামীয়েই তেওঁৰ বাবে কিতাপ-পত্ৰ যোগাৰ কৰি দিয়াৰ পৰা বহু ক্ষেত্ৰত হেমলতাৰ ভাগৰ দায়িত্বও চম্ভালি লৈছিল।
অধ্যয়নৰ সমান্তৰলাভে আৰক্ষী উপ-পৰিদৰ্শকৰ বাবে প্ৰস্তুতি চলাইছিল হেমলতাই।
আৰু কঠোৰ অধ্যাৱয়াস, নিষ্ঠা আৰু স্বামীৰ সহায়ৰ বলত আজি উপ-পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে হেমলতাই।
শৈশৱৰ খাকী পোছাকযোৰ পৰিধান কৰাৰ সপোন পূৰণ হোৱাত আনন্দত আত্মহাৰা হৈ পৰিছে হেমলতাও।
সমান্তৰালভাৱে তেওঁৰ এই প্ৰেৰণাদায়ক জীৱন কাহিনীয়ে গাঁওখনৰ আন বহু বিবাহিতা মহিলাক নিজৰ ভৰিত থিয় হোৱাৰ সাহস দিছে।