নিউজ ডেস্কঃ পিতৃ তেওঁৰ এজন সাধাৰণ গাড়ী চালক। পৰিয়ালৰ আৰ্থিক অৱস্থাৰ বাবে দ্বাদশ শ্ৰেণী কোনোমতে উত্তীৰ্ণ হোৱাৰ পিছতে তেওঁ নামি পৰিছিল জীৱিকাৰ সন্ধানত।
দৰিদ্ৰ পৰিয়ালটোক সকাহ দিয়াৰ বাবে কেতিয়াবা যদি তেওঁ ৰিক্সা চলাইছিল, আন কেতিয়াবা আকৌ পথৰ দাঁতিত দিছিল শাক-পাচলিৰ দোকান।
কাঠ মিস্ত্ৰী, পকা মিস্ত্ৰীৰ যোগাৰী হিচাপেও তেওঁ বহু দিন কাম কৰিছিল।
এবাৰ ছিকিউৰিটী গাৰ্ডৰ কাম বিচাৰি এটা কোম্পানীলৈ যাওতে মেনেজাৰে ঠাট্টাৰ সুৰত তেওঁক আইফোনৰ ল’গ’টো কেনেকুৱা বুলি চিনাক্ত কৰিবলৈ দিছিল।
তেওঁ চিনাক্ত কৰিব নোৱাৰিলে। কাৰণ আগতে তেওঁ কাহানিও আইফোন ওচৰৰ পৰা দেখাই নাছিল। সেয়ে ছিকিউৰিটী গাৰ্ডৰ চাকৰিটোও তেওঁ নাপালে।
জীৱনৰ এনে সংঘৰ্ষই পিছে ৰুদ্ধ কৰিব পৰা নাছিল তেওঁৰ সপোনৰ দুৱাৰ। দুবেলা দুমুঠি গোটোৱাৰ লগতে তেওঁৰ এটা সপোন আছিল তেওঁক অশিক্ষিত, গোৱাৰ বুলি হঁহা সকলৰ সন্মুখত নিজৰ এটা পৰিচয় গঢ়াৰ।
আজি তেওঁ সফল হৈছে। দ্বাদশ উত্তীৰ্ণ যুৱকজনৰ অধীনতে কাম কৰিছে আইআইটি, আইআইএমৰ দৰে প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰা ব্যক্তিয়ে।
তেওঁৰ নাম দিলখুছ কুমাৰ। বিহাৰৰ জনপ্ৰিয় কেব কোম্পানী ‘ৰোডৱেজ’ৰ তেওঁ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া। এদিন এসাজ ভাতৰ বাবে ৰিক্সা চলোৱা দিলখুছ আজি এটা কেইবা কোটিটকীয়া কোম্পানীৰ গৰাকী।
এক সাক্ষাৎকাৰত তেওঁৰ এই যাত্ৰাৰ কথা প্ৰকাশ কৰিছে বিহাৰৰ যুৱক দিলখুছ কুমাৰে।
বিহাৰৰ সাহৰছা জিলাৰ বনগাঁও নামৰ এখন তেনেই সৰু গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ পৰা আহি আজি এগৰাকী পৰিচিত উদ্যোগী হ’বলৈ সক্ষম হৈছে- দিলখুছৰ এই কাহিনীয়ে অনুপ্ৰানিত কৰিছে আন বহুতকো।
দিলখুছ কুমাৰে সাক্ষাৎকাৰত প্ৰকাশ কৰা মতে, দ্বাদশ শ্ৰেণীলৈকে পঢ়ি তেওঁ এটা সংস্থাপনৰ সন্ধানত নামি পৰিছিল। কাম বিচাৰি বহিঃৰাজ্যলৈও গৈছিল। দিল্লীত তেওঁ কেইবা মাহ ধৰি ৰিক্সা চলাইছিল।
পিছত বিহাৰলৈ পুনৰ উভতি আহি জীৱিকাৰ বাবে পাটনাত শাক-পাচলিৰ দোকান দিছিল। কিন্তু সেই কামেৰেও পৰিয়াল নচলাত ৰাজমিস্ত্ৰীৰ সৈতেও কাম কৰিছিল।
জীৱনটো এনেদৰে চলাই নিয়াৰ সময়তে ড্ৰাইভাৰ হিচাপেও কাম কৰিবলৈ আৰম্ভ কৰে। লাহে লাহে এটকা-দুটকাকৈ সাঁচি তেওঁ এখন চেকেণ্ড হেণ্ড নেন’ কাৰ ক্ৰয় কৰিবলৈ সক্ষম হয়।
সেয়াই আছিল সফলতাৰ আৰম্ভণি। নিজাকৈ লোৱা চেকেণ্ড হেণ্ড গাড়ীখনেৰেই দিলখুছ কুমাৰে ‘ৰোডৱেজ’ কোম্পানীৰ আৰম্ভণি ঘটায়।
লাহে লাহে বিহাৰৰ অন্য টেক্সি চালকসকলকো তেওঁ নিজৰ লগত জড়িত কৰাবলৈ সক্ষম হয়।
উল্লেখ্য যে, ৰোডৱেজ হৈছে ওলা-উবেৰৰ দৰেই এক ডাটা বেছ কেব কোম্পানী। অৱশ্যে এই কোম্পানীয়ে ৫০ কিলোমিটাৰতকৈ অধিক দূৰত্বলৈ যাব বিচৰা গ্ৰাহককহে টেক্সি সেৱা প্ৰদান কৰে।
অতি কম সময়ৰ ভিতৰতে এই কোম্পানীটোৱে বিহাৰত জনপ্ৰিয় হৈ পৰাৰ লগতে গ্ৰাহকৰো বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হৈছে।
যাৰ ফলত মাত্ৰ এখন চেকেণ্ড হেণ্ড নেন’ৰে আৰম্ভ কৰা ৰোডৱেজৰ সৈতে আজি জড়িত হৈ পৰিছে বিহাৰৰ প্ৰায় প্ৰতিজন টেক্সি চালক।
দিলখুছ কুমাৰে জানিবলৈ দিয়া মতে, এতিয়া তেওঁৰ কোম্পানীৰ মূল্য প্ৰায় ২০ কোটি টকা। পৰিসৰ বৃদ্ধি কৰি কোম্পানীটোক ১০০ কোটিৰ ঘৰলৈ নিয়াৰ পৰিকল্পনা কৰিছে দিলখুছে।
নিজে দ্বাদশ উত্তীৰ্ণ হ’লেও কোম্পানী পৰিচালনাৰ বাবে গুৱাহাটীৰ আইআইটি, আইআইএমৰ দৰে প্ৰতিষ্ঠানৰ পৰা কৰ্মচাৰী হায়াৰ কৰিছে দিলখুছ কুমাৰে।